মহানগৰীৰ মাজমজিয়াত মাজনিশা সংঘটিত এক পথ দুৰ্ঘটনাই থিতাতে কাঢ়ি নিলে এগৰাকী উদীয়মান ছাত্ৰীৰ জীৱন। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সমীপত নিয়ন্ত্ৰণ হেৰুৱাই এখন তীব্ৰবেগী অল্ট’ বাহনে পথৰ ডিভাইডাৰত প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলত ফটাশিল আমবাৰীৰ নিহা দাস নামৰ ২৪ বছৰীয়া যুৱতীগৰাকীৰ থিতাতে মৃত্যু ঘটে। টিউচন শেষ কৰি বন্ধুৰ সৈতে ফুৰিবলৈ ওলাই যোৱা ৰাধাগোৱিন্দ বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰীগৰাকীৰ এনে আকস্মিক বিয়োগে এতিয়া সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।
জানিব পৰা মতে, নিহা দাসে দুজন বন্ধুৰ সৈতে এখন ভাড়া কৰা বাহনেৰে ফুৰিবলৈ ওলাই গৈছিল। সন্ধিয়া ঘৰৰ পৰা নিজৰ স্কুটীখন লৈ ওলাই গৈছিল যদিও পৰৱৰ্তী সময়ত স্কুটীখন এক নিৰাপদ স্থানত থৈ তেওঁ বন্ধুৰ সৈতে বাহনখনত উঠিছিল। দুৰ্ঘটনাটো ইমানেই ভয়াৱহ আছিল যে বাহনখনৰ বিস্তৰ ক্ষতি হোৱাৰ লগতে থিতাতে নিহাৰ মৃত্যু হয়। ঘটনাৰ পাছতে নিহাৰ দুই বন্ধুৱে নিথৰ দেহটো তেনেদৰেই এৰি থৈ ঘটনাস্থলীৰ পৰা ৰহস্যজনকভাৱে পলায়ন কৰে।
ইতিমধ্যে লতাশিল আৰক্ষীয়ে দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ চালকজনক আটক কৰি সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। মৃত ছাত্ৰীগৰাকীৰ পিতৃয়ে জনোৱা মতে, নিহা প্ৰায়েই বন্ধু-বান্ধৱীৰ সৈতে ফুৰিবলৈ ওলাই গৈছিল আৰু সেইদিনাও একেদৰেই ঘৰৰ পৰা ওলাই গৈছিল। আৰক্ষীয়ে এতিয়া পলাতক দুই বন্ধুৰ সন্ধান চলাই থকাৰ লগতে এই দুৰ্ঘটনাৰ নেপথ্যত থকা প্ৰকৃত কাৰণসমূহ খতিয়ান লৈ আছে।
