জামুগুৰিহাটৰ এজন ককা.. যি শুনিলে আচৰিত হব আপুনিও

জামুগুৰিহাটৰ হাটিঙা ৰামপুৰত বাজিছে ২০০ বছৰীয়া আপুৰুগীয়া পেঁপা৷বজাই দেখুৱালে ৯০ উৰ্দ্ধৰ সোন বৰুৱা ককাই৷অসমৰ বিভিন্ন প্ৰান্তৰ লগতে জামুগুৰিহাটতো বাপতিসাহোন ৰঙালী বিহুটিক আদৰাৰ চলিছে ব্যাপক প্ৰস্তুতি । ইয়াৰ মাজতে কিন্তু থমকি ৰোৱা নাই হাটিঙা ৰামপুৰৰ ৯০ উৰ্দ্ধৰ সোণ বৰুৱাৰ ককাৰ পেপাৰ গুমগুমনি । আজো ককাৰ দিনৰ ২০০ বছৰীয়া পেপাটি সযতনে ৰাখি থৈছে সোণ বৰুৱা ককাই । বিহু বুলিলেই ককাৰ হেনো গা সাতখন আঠখন হৈ উঠে । যৌৱন কালৰ স্মৃতি ৰোমন্থন কৰি সোণ ককাই জীৱনৰ বিয়লি বেলাতো ঘৰৰ পদূলিতে বহি পেপা বজাই ৰঙালী বিহুটিক আদৰণি জনোৱা দেখা গ’ল ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *