ভাৰতৰ পুৰুষ ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰক মৃত্যুৰ ভাবুকি প্ৰদান ৷ দাবী-ধমকিৰে ভৰা ই-মেইলৰ জৰিয়তে এই ভাবুকি প্ৰদান কৰা হৈছে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰৰ লগতে প্ৰাক্তন সাংসদগৰাকীক ৷প্ৰাপ্ত তথ্য অনুসৰি, বিগত ২২ এপ্ৰিলত এই ভাবুকি লাভ কৰে গৌতম গম্ভীৰে ৷ সেই একেদিনাই সন্ত্ৰাসবাদীয়ে ২৬ জন লোকক গুলীয়াই কাশ্মীৰৰ পহলগামৰ সেউজ ভূমি তেজেৰে ৰাঙলী কৰি তুলিছিল ৷ সন্ত্ৰাসবাদীয়ে হত্যা কৰা লোকসকলৰ ভিতৰৰ অধিকাংশই আছিল পৰ্যটক ৷উল্লেখ্য যে, এক সন্দেহজনক জি-মেইল একাউণ্টৰ পৰা গম্ভীৰে লাভ কৰে এই ভাবুকিপূৰ্ণ ইমেইল ৷ইণ্ডিয়া টুডেৰ এক বাতৰি অনুসৰি গম্ভীৰে ই-মেইলৰ জৰিয়তে এই ভাবুকি লাভ কৰিছে। য’ত তিনিটা শব্দ লিখা আছিল ‘আই কিল ইউ’।শেহতীয়াকৈ তেওঁ পৰিয়ালৰ সৈতে ইউৰোপ ভ্ৰমণলৈও গৈছিল। কিন্তু পহলগাম আক্ৰমণৰ মাত্ৰ এদিন পিছতে তেওঁ লাভ কৰা মৃত্যুৰ ভাবুকিটোৱে সকলোকে চাঞ্চল্যৰ সৃষ্টি কৰিছে।
গৌতম গম্ভীৰক মৃত্যুৰ ভাবুকি
