অন্ধ্ৰপ্ৰদেশৰ কাকিনাড়া জিলাৰ সমৰালাকোটাত ভয়ংকৰ বিস্ফোৰণ

অন্ধ্ৰপ্ৰদেশৰ কাকিনাড়া জিলাৰ সমৰালাকোটাত ভয়ংকৰ বিস্ফোৰণ । ভেতলাপালেম গাঁৱৰ গোদাবৰী খালৰ সমীপত থকা সূৰ্যশ্ৰী আতচবাজী কাৰখানাত এই ভয়ংকৰ বিস্ফোৰণ সংঘটিত হয় । দিনৰ প্ৰায় ২ বজাত এই বিস্ফোৰণ হয় । এই বিস্ফোৰণৰ ফলত প্ৰায় ২১ গৰাকী লোকৰ মৃত্যু হোৱাৰ উপৰিও কেইবাজনো লোক আহত হয় । গুৰুতৰভাৱে আহত ৮ জন লোকক ওচৰৰ চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে, ৬ জনক কাকিনাড়াৰ চৰকাৰী চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰা হৈছে ।স্থানীয় ৰাইজৰ মতে বিস্ফোৰণৰ ফলত হোৱা প্ৰচণ্ড শব্দৰ ফলত ওচৰৰে গাঁৱৰ এখন ব্যক্তিগত বিদ্যালয়ৰ ছাদত ফাট মেলাৰ বিপৰীতে বিস্ফোৰণৰ শব্দ ঘটনাস্থলীৰ পৰা প্ৰায় ৫ কিলোমিটাৰ দূৰত শুনা গৈছিল । বিস্ফোৰণৰ ফলত ধোঁৱাই সমগ্ৰ অঞ্চল আৱৰি ধৰে । বিস্ফোৰণৰ পিছতে দুখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহন সেই স্থানত উপস্থিত হয় । স্থানীয় ৰাইজৰ মতে আতচবাজীৰ কাৰখানাটো ফাৰ্মৰ মাজত অৱস্থিত যাৰ বাবে জৰুৰীকালীন বাহনসমূহ সেই স্থানলৈ যোৱাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হয় ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *