শীঘ্ৰেই ভাৰত ভ্ৰমণ কৰিব ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰেন

শীঘ্ৰেই ভাৰত ভ্ৰমণ কৰিব ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰেন। এই সময়চোৱাত তেওঁ AI ইমপেক্ট ছামিটত অংশগ্ৰহণ কৰিব। লগতে বিভিন্ন গুৰুত্বপূৰ্ণ দিশত আলোচনা হ’ব পাৰে। ইয়ে দুই দেশৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰিব।বৃহস্পতিবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে সাক্ষাৎ কৰে মেক্ৰনক আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হৈ শুভেচ্ছা জ্ঞাপন কৰে। ইয়াৰ পূৰ্বে জয়শংকৰে পেৰিছত ফ্ৰান্সৰ ৰাষ্ট্ৰদূতসকলৰ সন্মিলনত ভাষণ দি বিভিন্ন দিশৰ ওপৰত মত প্ৰকাশ কৰে। তেওঁ বাণিজ্য আৰু শক্তিৰ দৰে খণ্ডৰ দ্বাৰা পৰিচালিত সমসাময়িক বিশ্ব পৰিৱৰ্তনৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *