অখিল গগৈক কটাক্ষ দিলীপ শইকীয়া

বিধায়ক অখিল গগৈয়ে অসম বিজেপিৰ বিৰুদ্ধে উত্থাপন কৰা বিস্ফোৰক অভিযোগৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দিলীপ শইকীয়াই। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই স্পষ্ট কৰিছে যে, অখিল গগৈয়ে সামাজিক মাধ্যমত আপলোড কৰা ‘Screenshot’ সমূহ ৪ জানুৱাৰীত অনুষ্ঠিত হোৱা ভিডিঅ’ কনফাৰেন্সৰ ফটো। এই ভিডিঅ’ কনফাৰেন্সৰ ফটো ইতিমধ্যে সামাজিক মাধ্য়মত শ্বেয়াৰ কৰিছে তেওঁলোকৰ বিষয়ববীয়াসকলে।তেওঁ অখিল গগৈক কটাক্ষ কৰি কয় যে, অখিক গগৈয়ে দিয়া তথ্যৰ ৫ পইচাৰো দম নাই। অৰ্থাৎ কোনো গুৰুত্ব নাই। অখিল গগৈ, লুৰীণজ্যোতি গগৈয়ে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনক লৈ বিভিন্ন পৰিসংখ্যা দাঙি ধৰিছে।ইফালে তেওঁ কয়, “SR ক লৈ আমি সন্তুষ্ট, কিন্তু লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈৰ মিঞা প্ৰেম দেখি আমি অসন্তুষ্ট। আৰু এজন আছেই। তেওঁলোকে কেৱল মিঞাৰ নাম বাদ পৰাটো নিবিচাৰে লাগিলে খিলঞ্জীয়াৰ নাম বাদ পৰক। অখিল, লুৰীণৰ কাৰণে মিঞাৰ নাম কৰ্তন হ’ব নালাগে, প্ৰয়োজনত খিলঞ্জীয়াৰ নামেই কৰ্তন হওঁক। তোষামোদ আৰু মিঞা প্ৰেম BJP ৰ কাম নহয়।”

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *