সংসদ ভৱনত পুনৰ নিৰাপত্তা উলংঘনৰ ঘটনা সংঘটিত

নিশ্চিদ্ৰ নিৰাপত্তা বেষ্টনীৰে পৰিৱেষ্টিত সংসদ ভৱনত পুনৰ নিৰাপত্তা উলংঘনৰ ঘটনা সংঘটিত হৈছে । নিৰাপত্তা ব্যৱস্থা ভংগ কৰি শুকুৰবাৰে পুৱা এজন লোকে সংসদৰ দেৱালত উঠে । অৱশ্যে নিৰাপত্তাৰক্ষীয়ে ততালিকে তেওঁক ধৰি আৰক্ষীক গতাই দিয়ে বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে ।সূত্ৰই জনোৱা মতে, এতিয়াও চিনাক্ত নোহোৱা লোকজনে শুকুৰবাৰে পুৱা প্ৰায় ৬.৩০ বজাত গছত উঠি সীমাৰ দেৱাল বগাই সংসদ ভৱনৰ চৌহদত প্ৰৱেশ কৰে ।শুকুৰবাৰৰ এই ঘটনাই ২০২৩ চনৰ ১৩ ডিচেম্বৰত সংঘটিত আন এক নিৰাপত্তা উলংঘনৰ কথা সোঁৱৰাই দিছে ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *