আজিৰে পৰা আৰম্ভ হৈছে সংসদৰ বৰ্ষাকালীন অধিৱেশন ৷ এই অধিৱেশনতে উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰে দুয়োকে শপতবাক্য পাঠ কৰোৱায় ৷পুৱা শপতগ্ৰহণ কৰিলে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু কণাদ পুৰকায়স্থই ৷ আজিৰে পৰা আৰম্ভ হৈছে সংসদৰ বৰ্ষাকালীন অধিৱেশন ৷ এই অধিৱেশনৰ আৰম্ভনিতে ৰাজ্যসভাৰ সভাপতি তথা উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰে দুয়োকে শপতবাক্য পাঠ কৰোৱায় ৷উল্লেখ্য যে ৰাজ্যসভাত অসম গণ পৰিষদৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু বিজেপিৰ সাংসদ মিছনৰঞ্জন দাসৰ কাৰ্যকাল সমাপ্ত হৈছিল ৷ সেই অনুসৰি এই দুখন আসনৰ বাবে বিজেপিয়ে কণাদ পুৰকায়স্থক দলীয় প্ৰাৰ্থিত্ব দিছিল যদিও অগপই পুনৰ প্ৰাৰ্থিত্ব দিছিল বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যকেই ৷ অৱশ্যে খালী হোৱা বৈশ্য়ৰ আসনখনৰ বাবে কেবাগৰাকীও অগপ নেতাই প্ৰাৰ্থিত্ব বিচাৰিছিল যদিও শেষমুহূৰ্তত দলীয় নেতৃত্বই বৈশ্যকেই পুনৰ প্ৰাৰ্থীৰূপে ঘোষণা কৰে ৷
আজিৰে পৰা আৰম্ভ হৈছে সংসদৰ বৰ্ষাকালীন অধিৱেশন
