মছজিদত নিষিদ্ধ কৰা হ’ল গো-মাংস

সৰুপথাৰত গো হত্যা আৰু গো মাংসৰ বিৰুদ্ধ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে সৰুপথাৰ জামে মছজিদ সমাজে। তাৰোপৰি সৰুপথাৰ নগৰৰ জামে মছজিদ সমাজে নিষিদ্ধ কৰিলে গো মাংস।অসম চৰকাৰৰ “গো” সুৰক্ষা আইন ২০২১ৰ অধীনত “গো” মাংস নিষিদ্ধ কৰা আইনক সৰুপথাৰ জামে মছজিদ সমাজে পূৰ্ণ সমৰ্থন জনায়। আনহাতে সৰুপথাৰ নগৰৰ জামে মছজিদত আটাইকেইখন জামাদ লগ লাগি এখনি ৰাজহুৱা সভাৰ আয়োজন কৰে আৰু সভাতে উক্ত সিদ্ধান্তৰ লগতে কেইবাটাও গুৰুত্বমুলক প্ৰস্তাৱ গ্ৰহণ কৰে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *