সুৰাৰ মূল্য বৃদ্ধি

সুৰাৰ মূল্য বৃদ্ধি, বিভিন্ন ব্ৰেণ্ডত নতুন দাম কাৰ্যকৰী

সুৰাৰ মূল্য পুনৰ বৃদ্ধি পোৱাৰ ফলত গ্ৰাহকসকলৰ ওপৰত পৰিছে অতিৰিক্ত আৰ্থিক বোজা। নতুন মূল্য অনুসৰি বিভিন্ন শ্ৰেণীৰ ৱাইন, ৰাম, হুইস্কি, ব্ৰেণ্ডি, জিন আৰু বীয়েৰৰ দাম উল্লেখযোগ্যভাৱে বৃদ্ধি কৰা হৈছে।

প্ৰাপ্ত তথ্য অনুসৰি, ৱাইনৰ বটলত ৩৫ টকা পৰ্যন্ত মূল্য বৃদ্ধি হৈছে। ৭৫০ মিলিলিটাৰ ৰামৰ ক্ষেত্ৰত দাম ১৪২ টকালৈ বৃদ্ধি কৰা হৈছে। আনহাতে, প্ৰিমিয়াম ব্ৰেণ্ডৰ ব্ৰেণ্ডি, হুইস্কি আৰু জিনৰ নতুন মূল্য ৫৩০ টকালৈ নিৰ্ধাৰণ কৰা হৈছে।

সাধাৰণ শ্ৰেণীৰ হুইস্কি, ব্ৰেণ্ডি আৰু জিনৰ দাম ৪২০ টকালৈ বৃদ্ধি কৰা হৈছে। বীয়েৰৰ ক্ষেত্ৰতো প্ৰতিটো বটলত ২৪ টকাৰ পৰা ৩৮ টকালৈ মূল্য বৃদ্ধি কৰা হৈছে।

ইফালে, বাৰত বহি বীয়েৰ সেৱন কৰা গ্ৰাহকসকলেও অধিক মূল্য ভৰিব লাগিব। নতুন নিয়ম অনুসৰি, বাৰত বীয়েৰ খালে অতিৰিক্ত ৫৮.৪৪ টকা পৰিশোধ কৰিব লাগিব।

নতুন মূল্যবৃদ্ধিৰ ফলত সুৰাপ্ৰেমীসকলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। চৰকাৰৰ এই সিদ্ধান্তই ৰাজহ সংগ্ৰহ বৃদ্ধি কৰাৰ লক্ষ্য ৰাখিলেও সাধাৰণ গ্ৰাহকৰ ব্যয় যথেষ্ট বৃদ্ধি পাব বুলি ধাৰণা কৰা হৈছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *