আন্দামান সাগৰত খাৰুৱা তেলৰ সন্ধান

আন্দামান সাগৰত বৃহৎ পৰিমাণৰ খাৰুৱা তেলৰ সন্ধান লাভ কৰিছে ভাৰতে । এই ভাল খবৰটো দিছে কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে ।ইৰাণ-ইজৰাইলৰ সংঘাতৰ মাজতে ভাগ্য ফুলিছে ভাৰতৰ । আন্দামানত পোৱা গৈছে খাৰুৱা তেলৰ মজুত। তেওঁ প্ৰকাশ কৰিছে যে, ভাৰতে আন্দামান সাগৰত গায়ানা আকাৰৰ তৈলক্ষেত্ৰ আৱিষ্কাৰৰ অতি ওচৰ চাপিছে । ইয়াত ১,৮৪,৪৪০ কোটি লিটাৰ খাৰুৱা তেল থাকিব পাৰে বুলি ধাৰণা কৰা হৈছে । খাৰুৱা তেলৰ সন্ধানত নামিছে অ’ এন জি চি আৰু অইল ইণ্ডিয়াইও । ইতিমধ্যে তেলৰ সন্ধানত চলাইছে জৰীপ আৰু ড্ৰিলিং কাৰ্য। যদি গায়ানাৰ দৰে আন্দামানত খাৰুৱা তেলৰ তথ্য পোৱা যায়, তেন্তে ই দেশৰ অৰ্থনীতিত ডাঙৰ প্ৰভাৱ পেলাব ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *