বাৰাণসীত গহণাৰ বিপণীৰ নতুন নিয়ম! নিৰাপত্তাৰ স্বাৰ্থত মুখ ঢাকি অহা গ্ৰাহকৰ প্ৰৱেশত নিষেধাজ্ঞা

ধৰ্মীয় পৰম্পৰা আৰু ব্যৱসায়িক নিৰাপত্তাৰ মাজত এতিয়া উত্তৰ প্ৰদেশৰ বাৰাণসীত এক নতুন বিতৰ্কৰ সূত্ৰপাত ঘটিছে। উত্তৰ প্ৰদেশ জুৱেলাৰ্ছ এছ’চিয়েশ্যনৰ স্থানীয় গোটটোৱে শনিবাৰে নিৰাপত্তাৰ কাৰণ দৰ্শাই ওৰণি, বুৰ্খা, মাস্ক বা হেলমেট পিন্ধি অহা গ্ৰাহকক গহণা বিক্ৰী কৰাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰে। বিভিন্ন জিলাত সংঘটিত চুৰি, ডকাইতি আৰু প্ৰৱঞ্চনাৰ দৰে ঘটনাবোৰৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি সংস্থাটোৱে জানিবলৈ দিয়ে। সংস্থাটোৰ জিলা সভাপতি কমল সিঙে কয় যে, “যিসকল গ্ৰাহকৰ মুখ ঢাকি থোৱা থাকে, তেওঁলোকক আমি অলংকাৰ বিক্ৰী নকৰোঁ। যদি মুখ ঢাকি থকা কোনো ব্যক্তিয়ে অপৰাধ সংঘটিত কৰে, তেন্তে তেওঁৰ পৰিচয় উদ্ধাৰ কৰা সম্ভৱ নহয়। ইয়াৰ বাবে আমি আমাৰ দোকানৰ সমুখত পোষ্টাৰ লগাইছোঁ, য’ত লিখা আছে যে মাস্ক, বুৰ্খা, হেলমেট বা ওৰণি পিন্ধি দোকানত সোমোৱাটো নিষিদ্ধ।” তেওঁ পুনৰ কয় যে যদি কোনো গ্ৰাহকে হিজাব পিন্ধি আহে, তেন্তে তেওঁলোকে দোকানত সোমোৱাৰ লগে লগে মুখখন খুলিব লাগিব যাতে গহণা ব্যৱসায়ীসকলে নিৰাপদ অনুভৱ কৰিব পাৰে।

ইফালে, সংস্থাটোৰ সভাপতি সত্য নাৰায়ণ শেঠে জানিবলৈ দিয়ে যে ঝান্সীকে ধৰি ৰাজ্যখনৰ কেইবাখনো জিলাত এনেধৰণৰ পোষ্টাৰ লগোৱা হৈছে। তেওঁ কয় যে, “এছ’চিয়েশ্যনে কোনো ব্যক্তিৰ ধৰ্মৰ বিৰোধিতা কৰা নাই। আমি কেৱল নিজৰ নিৰাপত্তাৰ বাবেহে এইটো কৰিছোঁ। মুছলমান গ্ৰাহকসকলে বুৰ্খা পিন্ধি আহিব পাৰে, কিন্তু দোকানত সোমোৱাৰ আগতে তেওঁলোকে নিজৰ মুখখন দেখুৱাব লাগিব যাতে পৰিচয় নিশ্চিত কৰিব পৰা যায়।” তদুপৰি এই সিদ্ধান্তক লৈ ব্যৱসায়ীসকলৰ মাজতে মতভেদৰ সৃষ্টি হোৱা দেখা গৈছে। লোহতা অঞ্চলৰ এজন গহণা ব্যৱসায়ী শ্বাহিদে কয়, “বুৰ্খা পিন্ধা গ্ৰাহকক প্ৰৱেশত বাধা দিয়াটো ভুল। ইয়াৰ ফলত গ্ৰাহকৰ সংখ্যা কমি যাব। এগৰাকী মহিলাক বুৰ্খা খুলিবলৈ কোৱাটো অপমানজনক হ’ব পাৰে।” তেওঁৰ মতে, যদি দোকানত মহিলা কৰ্মচাৰী থাকে তেন্তে তেওঁ গ্ৰাহকৰ মুখখন চাব পাৰে, কিন্তু পুৰুষ কৰ্মচাৰীয়ে এনে কৰাটো অনুচিত। আনহাতে, চৰকাৰী অধিবক্তা ৰানা সঞ্জীৱ সিঙে জানিবলৈ দিয়ে যে চিচিটিভি কেমেৰাত অপৰাধীৰ মুখ ধৰা নপৰাৰ বাবে ব্যৱসায়ীসকলে এই নিৰাপত্তামূলক ব্যৱস্থা গ্ৰহণ কৰাটো কোনো ভুল কাম নহয়।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *