সংসদ ভৱনৰ প্ৰৱেশ দ্বাৰত প্ৰতিবাদ কৰিব নোৱাৰিব ৰাজনৈতিক দলে

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সদন চৌহদত শাসক-বিৰোধী সংসদৰ মাজত হাতাহাতিৰ পিছত এক কঠোৰ নিৰ্দেশ জাৰি কৰিছে। অধ্যক্ষগৰাকীয়ে কয় যে এতিয়াৰ পৰা কোনো ৰাজনৈতিক দল, সাংসদ বা সাংসদৰ গ্ৰুপে সংসদ ভৱনৰ যি কোনো প্ৰৱেশ দ্বাৰত কোনো ধৰণৰ প্ৰতিবাদ বা ধৰ্ণা কৰিব নোৱাৰিব। এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কঠোৰ নিৰ্দেশনা জাৰি কৰিছে যে কোনো ৰাজনৈতিক দল, সংসদৰ সদস্য বা সদস্যৰ গোটে সংসদ ভৱনৰ গেটত কোনো ধৰণৰ প্ৰতিবাদ কৰিব নোৱাৰিব।

বিৰোধী দলৰ সদস্যসকলে বৃহস্পতিবাৰে গৃহমন্ত্ৰী অমিত শ্বাহে বাবাচাহেব আম্বেদকাৰ সন্দৰ্ভত কৰা মন্তব্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। আনহাতে বিজেপি সাংসদসকলে কংগ্ৰেছক বাবাচাহেব আম্বেদকাৰক অপমান কৰাৰ অভিযোগ উত্থাপন কৰি এক প্ৰতিবাদ কৰে। শাসকীয় দল আৰু বিৰোধী দলৰ সদস্যসকলে সংসদ ভৱনৰ ‘মকৰ গেট’ৰ ওচৰত ইজনে আনজনৰ সন্মুখত আহি শ্ল’গান দিয়ে। ইয়াৰ পিছতে শাসক-বিৰোধী সংসদৰ মাজত হাতাহাতি হয়।

উল্লেখ্য যে নতুন সংসদ ভৱনত প্ৰৱেশ আৰু প্ৰস্থানৰ বাবে ৬ খন দুৱাৰ আছে। প্ৰতিখন দুৱাৰে ১৪০ কোটি ভাৰতীয়ক প্ৰতিনিধিত্ব কৰা সংসদৰ বিভিন্ন দিশৰ প্ৰতীক। নতুন সংসদ ভৱনৰ প্ৰথম তিনিখন দুৱাৰৰ নাম অশ্ব, গজ আৰু গৰুড় গেট। এই গেটবোৰ উপ-ৰাষ্ট্ৰপতি, অধ্যক্ষ আৰু প্ৰধানমন্ত্ৰীয়ে ব্যৱহাৰ কৰে। মকৰ, শাৰ্দুল গেট আৰু হান্স গেট সাংসদসকলে অহা-যোৱা বাবে ব্যৱহাৰ কৰে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *