কাঠমাণ্ডুত হিংসাত্মক প্ৰতিবাদ

চৰকাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম নিষিদ্ধ কৰাৰ পাচতে কাঠমাণ্ডুত হিংসাত্মক প্ৰতিবাদ । পদত্যাগ কৰিলে নেপালৰ গৃহমন্ত্ৰী ৰমেশ লেখাকে ।শেহতীয়াকৈ জানিব পৰা মতে, সোমবাৰে সন্ধিয়া দেশৰ গৃহমন্ত্ৰী ৰমেশ লেখাকে পদৰ পৰা পদত্যাগ কৰে । খবৰ অনুসৰি এই ঘটনাক লৈ অনুষ্ঠিত হোৱা জৰুৰী কেবিনেট বৈঠকৰ সময়ত প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলীক পদত্যাগ পত্ৰ দাখিল কৰে লেখকে ।কাঠমাণ্ডুৰ বিভিন্ন স্থানৰ লগতে আন আন জিলাসমূহতো হিংসাত্মক প্ৰতিবাদক বাধা দিবলৈ ইতিমধ্যে কাৰ্ফিউ জাৰি কৰা হৈছে । কাঠমাণ্ডুৰ পৰা প্ৰায় ২৭০ কিলোমিটাৰ নিলগৰ ৰূপাণ্ডেহী জিলা প্ৰশাসনৰ কাৰ্যালয়ে সোমবাৰে বিয়লি ৪ বজাৰ পৰা ১০ বজালৈ বুটৱাল আৰু ভৈৰহাৱাত সান্ধ্য আইন জাৰি কৰিছে ।দুর্নীতি আৰু ছ’চিয়েল মিডিয়া নিষেধাজ্ঞাৰ বিৰোধিতা কৰি সমগ্ৰ নেপালত এতিয়া জ্বলিছে প্ৰতিবাদৰ অগনি । দেশজোৰা প্ৰতিবাদৰ ফলত কেৱল কাঠমাণ্ডুতে ১৭ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে সুনছাৰী জিলাৰ ইটহাৰী চহৰত দুজন লোকৰ মৃত্যু হয় ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *