ডিফেণ্ডিং চেম্পিয়ন নীৰজ চোপ্ৰা পেৰিছ অলিম্পিকত জেভলিন থ্ৰো ইভেণ্টত ৰূপৰ পদক অৰ্জন কৰি একেৰাহে অলিম্পিক পদক অৰ্জন কৰা প্ৰথম ভাৰতীয় ট্ৰেক এণ্ড ফিল্ড এথলীট হিচাপে পৰিগণিত হৈছে। কিন্তু পাকিস্তানৰ আৰ্শাদ নাদিমে নতুন অভিলেখৰ সৈতে অলিম্পিকত বিজয়ী হয়।২৬ বছৰীয়া নীৰজৰ দ্বিতীয় টো থ্ৰো আছিল তেওঁৰ একমাত্ৰ বৈধ থ্ৰো, য’ত তেওঁ ৮৯.৪৫ মিটাৰ দলিয়াইছিল, যিটো তেওঁৰ ছিজনৰ সৰ্বশ্ৰেষ্ঠ থ্ৰো আছিল। ইয়াৰ বাহিৰেও, তেওঁৰ পাঁচোটা প্ৰচেষ্টাই ফাউল হয়। তেওঁ টকিঅ’ত ৮৭.৫৮ মিটাৰ থ্ৰোৰে সোণৰ পদক জিকিছিল।
একে সময়তে, নাদিমে পেৰিছ অলিম্পিকত অভিলেখ গঢ়িছে। তেওঁ দ্বিতীয় থ্ৰোত ৯২.৯৭ মিটাৰলৈ জেভলিন থ্ৰো কৰি বিশ্ব অভিলেখ গঢ়ে। তেওঁ ষষ্ঠ আৰু অন্তিম প্ৰচেষ্টাত ৯১.৭৯ মিটাৰ থ্ৰো কৰে। ১৯৯২ চনৰ বাৰ্চিলোনা অলিম্পিকৰ পিছত এইটো পাকিস্তানৰ প্ৰথম অলিম্পিক পদক। প্ৰথম দহখন খেলত নীৰজে সদায় নাদিমক পৰাস্ত কৰিছিল। পূৰ্বৱৰ্তী অলিম্পিক ৰেকৰ্ড নৰৱেৰ এন্দ্ৰিয়াছ টিৰ দখলত আছিল, যি ২০০৮ বেইজিং গেমছত ৯০.৫৭ মিটাৰ থ্ৰো দলিয়াইছিল। গ্ৰেনাডাৰ এণ্ডাৰচন পিটাৰ্ছে ৮৮.৫৪ মিটাৰ থ্ৰোৰ সৈতে তৃতীয় স্থান দখল কৰে।
নীৰজ একেৰাহে দুটা অলিম্পিক ব্যক্তিগত পদক জয় কৰা তৃতীয় ভাৰতীয় ট্ৰেক এণ্ড ফিল্ড এথলীট হিচাপে পৰিগণিত হৈছে। তেওঁৰ আগত মল্লযোদ্ধা সুশীল কুমাৰ (২০০৮ আৰু ২০১২) আৰু বেডমিণ্টন খেলুৱৈ পি ভি সিন্ধু (২০১৬ আৰু ২০২১) এই কৃতিত্ব অৰ্জন কৰিছে। নাদিমে হাংঝৌ এছিয়ান গেমছত নীৰজৰ সৈতে প্ৰতিদ্বন্দিতা কৰাৰ কথা আছিল কিন্তু শেষ মুহূৰ্তত হোৱা আঘাতৰ বাবে তেওঁ নাম প্ৰত্যাহাৰ কৰে। নীৰজে তেওঁক ২০১৮ এছিয়ান গেমছ আৰু কমনৱেলথ গেমছত পৰাস্ত কৰিছিল।