তামিলনাডুত এইবাৰ গঠন হ’ব এনডিএৰ চৰকাৰ! দৃঢ় বিশ্বাসী অমিত শ্বাহ

দেশৰ ৰাজনৈতিক প্ৰেক্ষাপটত বিজেপিৰ ক্ৰমাগত জয়যাত্ৰাই কেন্দ্ৰীয় নেতৃত্বক অধিক আত্মবিশ্বাসী কৰি তুলিছে। এনে কাৰণতেই এইবাৰ দক্ষিণ আৰু পূব ভাৰতৰ নিৰ্বাচনী যুঁজক লৈ নতুন তৎপৰতা আৰম্ভ কৰিছে কেন্দ্ৰৰ শাসকীয় দলটোৱে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেওবাৰে তামিলনাডু আৰু পশ্চিম বংগৰ আগন্তুক বিধানসভা নিৰ্বাচনত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁট বিজয়ী হ’ব বুলি দৃঢ়তাৰে ঘোষণা কৰে। হাৰিয়ানাত একেৰাহে তৃতীয়বাৰৰ বাবে লাভ কৰা সফলতাৰ প্ৰসংগ টানি তেওঁ কয় যে ২০২৪ চনৰ পৰা বিজেপিৰ যি বিজয় ধাৰা আৰম্ভ হৈছে, এইবাৰ তাৰ প্ৰভাৱ তামিলনাডু আৰু বংগৰ নিৰ্বাচনী ফলাফলত স্পষ্টকৈ প্ৰতিফলিত হ’ব।

তামিলনাডুত আয়োজিত এখন বিশাল জনসভাত ভাষণ দি গৃহমন্ত্ৰীগৰাকীয়ে শাসকীয় ডি এম কে চৰকাৰক তীব্ৰ সমালোচনা কৰে। বিশেষকৈ ৰাজ্যখনত চলি থকা পৰিয়ালকেন্দ্ৰিক ৰাজনীতি আৰু মন্ত্ৰীসভাৰ বিৰুদ্ধে উত্থাপিত দুৰ্নীতিৰ অভিযোগক লৈ তেওঁ সৰৱ হৈ পৰে। এদল দুৰ্নীতিগ্ৰস্ত মন্ত্ৰীৰ দ্বাৰা তামিলনাডুৰ প্ৰগতি সম্ভৱ নহয় বুলি উল্লেখ কৰি শ্বাহে কয় যে ৰাজ্যখনত এতিয়া বংশগত ৰাজনীতিৰ অন্ত পেলোৱাৰ উপযুক্ত সময় সমাগত। ইফালে, ২০২৬ চনৰ নিৰ্বাচনক কেন্দ্ৰ কৰি পশ্চিম বংগতো বিজেপিৰ শক্তি বৃদ্ধিৰ বাবে তেওঁ দলীয় কৰ্মীসকলক বিশেষ নিৰ্দেশনা দিয়ে।

অন্যহাতে, বিজেপিৰ এই তৎপৰতাৰ মাজতে মিত্ৰদল এ আই এ ডি এম কেৰ মুৰব্বী এডাপ্পাডী কে পালানিচামীয়েও চালেম জিলাত এখন বিশাল জনসভাত অংশগ্ৰহণ কৰি সাংগঠনিক শক্তি প্ৰদৰ্শন কৰে। যদিও এন ডি এৰ ভিতৰচ’ৰাত নিৰ্বাচনী কৌশলক লৈ বিভিন্ন চৰ্চা চলিছে, তথাপিও অমিত শ্বাহৰ এই ঘোষণাই নিৰ্বাচনৰ পূৰ্বে দলীয় কৰ্মীসকলৰ মাজত নতুন উৎসাহৰ সঞ্চাৰ কৰিছে। চৰকাৰে দাবী কৰা মতে, তামিলনাডুৰ জনসাধাৰণে এইবাৰ দুৰ্নীতিমুক্ত আৰু বিকাশমুখী চৰকাৰৰ সপক্ষেহে মতদান কৰিব।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *