মহিলা এদিনীয়া বিশ্বকাপ বিজয়ী ভাৰতীয় ক্ৰিকেট দলটোৱে শীঘ্ৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে। খবৰ অনুসৰি এই বৈঠক ৫ নৱেম্বৰত দিল্লীত হোৱাৰ সম্ভাৱনা আছে। আজি সন্ধিয়া মুম্বাইৰ পৰা দিল্লী অভিমুখে ৰাওনা হয় টিম ইণ্ডিয়া। নৱী মুম্বাইৰ ডি ৱাই পাটিল স্প’ৰ্টছ একাডেমীত অনুষ্ঠিত চূড়ান্ত খেলখনত দেওবাৰে (২ নৱেম্বৰ) দক্ষিণ আফ্ৰিকাক ৫২ ৰানত পৰাস্ত কৰি ইতিহাস ৰচনা কৰে ভাৰতীয় দলটোৱে। হৰমনপ্ৰীত কৌৰৰ অধিনায়কত্বত ভাৰতে প্ৰথমবাৰৰ বাবে মহিলা এদিনীয়া বিশ্বকাপৰ খিতাপ দখল কৰে। ইফালে দলটোৰ অল-ৰাউণ্ডাৰ দীপ্তী শৰ্মাই জনাইছে যে তেওঁলোকে দল হিচাপে প্ৰধানমন্ত্ৰী মোদীক কি উপহাৰ দিব সেয়া অতি সোনকালে সিদ্ধান্ত ল’ব।
দীপ্তিয়ে কয়-আমি নিশ্চিতভাৱে তেওঁক কিবা এটা উপহাৰ দিম, সেয়া জাৰ্চি হওক বা বেট, আমি এতিয়াও সিদ্ধান্ত লোৱা নাই, কিন্তু আমি সোনকালে সিদ্ধান্ত লম। ইয়াৰ পূর্বে বিশ্বকাপ জয়ৰ পাছত প্রধানমন্ত্রী মোদীয়ে ছ’চিয়েল মিডিয়াত খেলুৱৈসকলক অভিনন্দন জনায়৷ তেওঁ ছ’চিয়েল মিডিয়াত লিখিছে-আই চি চি মহিলা ক্ৰিকেট বিশ্বকাপ ২০২৫ৰ ফাইনেলত ভাৰতীয় দলৰ বাবে এক বৃহৎ জয়। ফাইনেলত তেওঁলোকৰ প্ৰদৰ্শন আচৰিত দক্ষতা আৰু আত্মবিশ্বাসেৰে ভৰি পৰিছিল। সমগ্ৰ প্ৰতিযোগিতাখনত দলটোৱে ব্যতিক্ৰমী দলীয় কাম-কাজ আৰু অধ্যৱসায় প্ৰদৰ্শন কৰিছিল। আমাৰ খেলুৱৈসকলক অভিনন্দন।
এই ঐতিহাসিক জয়ে ভৱিষ্যতৰ চেম্পিয়ন খেলুৱৈসকলক ক্ৰীড়াত অংশগ্ৰহণৰ বাবে অনুপ্ৰাণিত কৰিব। ইফালে এই বিজয়ৰ পিছতে বিচিচিআইয়ে দলটোক ৫১ কোটি টকাৰ পুৰস্কাৰ ঘোষণা কৰে। সোমবাৰে ব’ৰ্ডে দলৰ খেলুৱৈ, সহায়ক কৰ্মচাৰী, আৰু বাছনি সমিতিৰ বাবে ৫১ কোটি টকাৰ নগদ পুৰস্কাৰ ঘোষণা কৰে। বিচিচিআইৰ সভাপতি মিথুন মানহাছে এক বিবৃতিত কয় যে ব’ৰ্ডৰ হৈ ভাৰতীয় মহিলা ক্ৰিকেট দলটোক এই ঐতিহাসিক বিশ্ব চেম্পিয়নশ্বিপ জয়ৰ বাবে অভিনন্দন জনাইছো। দলটোৰ সাহস, প্ৰতিভা, আৰু ঐক্যই সমগ্ৰ দেশৰ আশা বৃদ্ধি কৰিছে।
