হাজাৰ হাজাৰ মহিলাই লাভ কৰে ১০ হাজাৰ টকাৰ চেক

আজি নগাঁৱৰ হাজাৰ হাজাৰ মহিলাই লাভ কৰে ১০ হাজাৰ টকাৰ চেক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই চেক প্ৰদান কৰে। মহিলা উদ্যমিতা আঁচনিৰ অধীনত প্ৰদান কৰা হৈছে এই ধন।এই আঁচনিৰ অধীনত মহিলাসকলক প্ৰথম পৰ্যায়ত ১০,০০০ টকা প্ৰদান কৰা হৈছে। পৰৱৰ্তী সময়ত চৰ্ত সাপেক্ষে আৰু অধিক ধনৰাশি প্ৰদান কৰিব।উল্লেখ্য যে, এই আঁচনিৰ অধীনত মহিলাসকলক প্ৰথম পৰ্যায়ত ১০,০০০কৈ টকা প্ৰদান কৰা হৈছে। ইতিমধ্যে কেইবাটা সমষ্টিৰ মহিলাই এই আঁচনিৰ ধন লাভ কৰিছে। মহিলাসকলক আৰ্থিকভাৱে স্বাৱলম্বী কৰাৰ বাবে এই বিশেষ পদক্ষেপ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *