হিন্দু সমাজ একগোট হ’লে সলনি হ’ব বংগৰ পৰিস্থিতিঃ কলকাতাত হুংকাৰ মোহন ভাগৱতৰ

পশ্চিম বংগৰ ৰাজনৈতিক আৰু সামাজিক প্ৰেক্ষাপটত হিন্দু সমাজৰ একত্ৰীকৰণক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতে। দেওবাৰে কলকাতাত আৰ এছ এছৰ শতবৰ্ষ উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰি সৰ্ সংঘচালক মোহন ভাগৱতে কয় যে যদিহে হিন্দু সমাজ একগোট হয়, তেন্তে পশ্চিম বংগৰ বৰ্তমানৰ পৰিস্থিতি সলনি হ’বলৈ বেছি সময় নালাগিব। অৱশ্যে ইয়াৰ লগতে তেওঁ স্পষ্ট কৰি দিয়ে যে সংঘৰ মূল লক্ষ্য ৰাজনৈতিক পৰিৱৰ্তন নহয়, বৰঞ্চ সামাজিক পৰিৱৰ্তনহে। বিজেপিৰ দৃষ্টিভংগীৰে আৰ এছ এছক বুজিবলৈ চেষ্টা কৰাটো এক ডাঙৰ ভুল হ’ব বুলিও তেওঁ মন্তব্য কৰে।

অনুষ্ঠানত পশ্চিম বংগ বিধানসভাৰ বিৰোধী দলৰ নেতা শুভেন্দু অধিকাৰীয়ে বাংলাদেশৰ পৰা হোৱা অনুপ্ৰৱেশ আৰু ৰাজ্যখনত বৃদ্ধি পোৱা কট্টৰবাদৰ প্ৰসংগ উত্থাপন কৰে। ইয়াৰ উত্তৰত ভাগৱতে কয় যে বাংলাদেশৰ পৰা সীমান্ত পাৰ হৈ ভাৰতলৈ কোন আহিব পাৰিব সেইটো চৰকাৰেহে নিৰ্ণয় কৰিব। অনুপ্ৰৱেশকাৰীৰ ওপৰত চৰকাৰৰ এক দৃঢ় নিয়ন্ত্ৰণ থকাটো প্ৰয়োজন বুলিও তেওঁ মত প্ৰকাশ কৰে। চুবুৰীয়া দেশখনত চলি থকা সংখ্যালঘুৰ ওপৰত নিৰ্যাতনৰ বিষয়টোত তেওঁ কয় যে সমগ্ৰ বিশ্বৰ হিন্দু সমাজে বাংলাদেশৰ হিন্দুসকলক ৰক্ষা কৰিবলৈ সহায় কৰিব লাগিব।

বাংলাদেশৰ পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰি আৰ এছ এছৰ মুৰব্বীগৰাকীয়ে কয় যে হিন্দুসকলৰ বাবে ভাৰততকৈ অন্য কোনো দেশ নাই। সংখ্যালঘু হিচাপে তাত থকা হিন্দুসকলে নিজৰ সুৰক্ষাৰ বাবে একতা বজাই ৰখাটো অতি জৰুৰী। চৰকাৰে এই বিষয়ত আন্তৰ্জাতিক পৰ্যায়ত পদক্ষেপ লোৱা বুলি আশা প্ৰকাশ কৰি তেওঁ কয় যে কিছুমান কথা প্ৰকাশ্য আৰু কিছুমান গোপনীয় হ’লেও ফলাফল লাভৰ বাবে কিছু কাম কৰাটো অনিবাৰ্য। অহা বছৰ হ’বলগীয়া বংগৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ভাগৱতৰ এই মন্তব্যই ৰাজনৈতিক মহলত বিশেষ চৰ্চা লাভ কৰিছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *