২০ ডিচেম্বৰত অসমত আহিব মোদী

২০ ডিচেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এই সময়চোৱাত তেওঁ কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। লগতে হাজাৰ হাজাৰ ৰাইজক সম্বোধন কৰি ভাষণ প্ৰদান কৰিব।
বিয়লি ৩ বজাত কেইবাটাও কাৰ্যসূচী হাতত লৈ গুৱাহাটীত উপস্থিত হ’ব প্ৰধানমন্ত্ৰীগৰাকী। এই সময়চোৱাত মোদীয়ে বৰঝাৰত নতুনকৈ নিৰ্মাণ হোৱা টাৰ্মিনেল মুকলি কৰাৰ লগতে নতুন বিমান বন্দৰত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰিব। তাৰ পাছতে ৭০ হাজাৰ জনতাক সম্বোধন কৰি ভাষণ প্ৰদান কৰিব তেওঁ। ইয়াক লৈ এতিয়া ব্যস্ত হৈ পৰিছে শাসকীয় দলৰ নেতা-মন্ত্ৰীসকল।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *