টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ মিচেল ষ্টাৰকৰ

অষ্ট্ৰেলিয়াৰ বেগী বলাৰ মিচেল ষ্টাৰকে টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। ৩৫ বছৰীয়া ষ্টাৰকে এই সিদ্ধান্ত লৈছে ২০২৭ চনত অনুষ্ঠিত হ’বলগীয়া টেষ্ট আৰু এদিনীয়া বিশ্বকাপৰ ওপৰত গুৰুত্ব আৰোপ কৰি। ২০২৪ চনত তেওঁ বিশ্বকাপৰ শেষৰখন টি-২০ মেচ খেলিছিল। ষ্টাৰকে ৬৫খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছিল, য’ত তেওঁ ৭৯টা উইকেট দখল কৰিছিল। অষ্ট্ৰেলিয়াৰ হৈ টি-২০ত তেওঁ দ্বিতীয় সৰ্বাধিক উইকেট দখলকাৰী। তেওঁৰ সৰ্বোত্তম প্ৰদৰ্শন আছিল ২০২২ চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে (৪ উইকেট)। ২০২১ চনত ইউ এ ইত অনুষ্ঠিত হোৱা টি-২০ বিশ্বকাপ জয় কৰা অষ্ট্ৰেলিয়ান দলটোৰ অংশ আছিল ষ্টাৰক।
তেওঁ কয়-অষ্ট্ৰেলিয়াৰ হৈ প্ৰতিখন টি-২০ মেচ, বিশেষকৈ ২০২১ চনৰ বিশ্বকাপ, কেৱল জয়ৰ বাবেই নহয়, সেই মহান দলটো আৰু সেই সময়ছোৱাত হোৱা মজাৰ বাবেই মই উপভোগ কৰিছিলো। ষ্টাৰকে কয় যে টেষ্ট ক্ৰিকেট সদায় তেওঁৰ প্ৰথম অগ্ৰাধিকাৰ। ২০২৬ চনত অষ্ট্ৰেলিয়াৰ টেষ্ট সূচী অতি ব্যস্ত, য’ত বাংলাদেশৰ বিৰুদ্ধে ঘৰুৱা শৃংখলা, দক্ষিণ আফ্ৰিকা ভ্ৰমণ, নিউজিলেণ্ডৰ বিৰুদ্ধে চাৰিখন টেষ্ট শৃংখলা, ২০২৭ চনৰ জানুৱাৰী মাহত ভাৰতত পাঁচখন টেষ্ট, মেলবৰ্ণত ইংলেণ্ডৰ বিৰুদ্ধে ১৫০ বছৰীয়া বিশেষ টেষ্ট, তাৰ পিছত ২০২৭ চনত ইংলেণ্ডত এছেছ শৃংখলা।ইয়াৰ উপৰিও ২০২৭ চনৰ অক্টোবৰ-নৱেম্বৰত দক্ষিণ আফ্ৰিকা, জিম্বাবুৱে আৰু নামিবিয়াত অনুষ্ঠিত হ’ব এদিনীয়া বিশ্বকাপ, য’ত অষ্ট্ৰেলিয়াই ডিফেণ্ডিং চেম্পিয়ন হিচাপে প্ৰৱেশ কৰিব।
ষ্টাৰকে কয়-ভাৰতত টেষ্ট ভ্ৰমণ, এছেছ আৰু ২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্তই মোক এই ডাঙৰ প্ৰতিযোগিতাসমূহৰ বাবে সুস্থ আৰু ফিট হৈ থাকিবলৈ সহায় কৰিব। লগতে, ইয়াৰ ফলত নতুন বলিং ইউনিটে পৰৱৰ্তী টি-২০ বিশ্বকাপৰ বাবে প্ৰস্তুতি চলাবলৈ সময় পাব।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *