কৰিমগঞ্জত মন্ত্ৰী ৰনজিৎ কুমাৰ দাস

কৰিমগঞ্জত উপস্থিত হৈ বিভিন্ন কামৰ পৰ্যালোচনা কৰে অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰনজিৎ কুমাৰ দাসে ৷ এই পৰ্যালোচনাত ৰাতাবাৰী বিধানসভা সমষ্টিৰ বিধায়ক বিজয় মালাকাৰ, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, খণ্ড উন্নয়ন বিষয়া গৰাকীৰ লগতে বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে৷ ইয়াৰ পিছত ৰাতাবাৰী সমষ্টিৰ হৰি নগৰ গাঁও পঞ্চায়তৰ ৰাজনগৰত এটা প্লেভাৰ ব্লক দিয়া ৰাস্তা পৰিদৰ্শন কৰি মনতে সন্তুোষ লাভ কৰে মন্ত্ৰী দাসে ৷ প্ৰতিগৰাকী জনপ্ৰতিনিধিয়ে যদি প্ৰকৃতাৰ্থত এনেদৰে কাম কৰে তেতিয়াহ’লে নিশ্চিত ৰূপত গ্ৰাম্য জনজীৱন আৰু অধিক সূচল হৈ উঠিব বুলি মন্ত্ৰীগৰাকীয়ে দৃঢ়বিশ্বাস কৰে৷

এই পৰিদৰ্শন কালত মন্ত্ৰী দাসৰ লগত স্থানীয় বিধায়ক বিজয় মালাকাৰ আৰু জিলা বিজেপিৰ সভাপতি  সুব্ৰত ভট্টাচাৰ্য উপস্থিত থাকে ৷ তাৰ পিছত বৰাক উপত্যকাৰ দুল্লভচৰা উন্নয়ন খণ্ডৰ লালচৰা গাঁও পঞ্চায়তত অনুষ্ঠিত হোৱা ব্লক পৰ্যায়ৰ সভাত উপস্থিত থাকি সমগ্ৰ উন্নয়ন খণ্ডটোত ৰূপায়ণ হোৱা প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা, পঞ্চদশ বিত্তীয় আয়োগ, ৰেচন কাৰ্ড, এমজিএনৰেগাকে আদি কৰি সমূহ কাম-কাজৰ পৰ্যবেক্ষণ কৰে মন্ত্ৰী দাসে ৷

এই উন্নয়ন খণ্ডত ৯৩% প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে ৷ আগন্তুক এমাহৰ ভিতৰত বাকী ৭% নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিবলৈ তেওঁ নিৰ্দেশ প্ৰদান কৰে৷ ইপিনে সন্ধিয়া কৰিমগঞ্জ জিলা আয়ুক্তৰ কাৰ্যালয়ত খাদ্য,ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা,পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এখন পৰ্যালোচনা সভাত অংশগ্ৰহন কৰি মন্ত্ৰী ৰনজিৎ কুমাৰ দাসে কামৰ বুজ লোৱা পৰিলক্ষিত হয়।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *