MGNREGA আঁচনিৰ নামত ব্যাপক দূৰ্নীতিৰ অভিযোগ উত্থাপন

কেচু খান্দোতে সাপ
ইনছান আলীয়ে জানে কাক কিমান দিব লাগে বেচেৰা অকলেই কি ফাচিলে। কামত লাগিল লেঠা বেছেৰাৰ কপালহেনো বেয়া। কথাত আছে এশ গৰু মাৰিলে বাঘৰো মৰন।
বিগত কেইদিনমান আগতো চৰকাৰী ঘৰৰ নামত উৎকোচ ল’লে। এতিয়া আহিছোঁ মূল কথাত।

MGNREGA আঁচনীৰ নামত ব্যাপক দূৰ্নীতীৰ অভিযোগ উত্থাপন হৈছে

বি টি আৰৰ পৰিবৰ্তন কামী প্ৰমোদ বড়ো চৰকাৰৰ দিনত গোঁসাইগাঁও উন্নয়ন খণ্ডৰ আশাৰিকান্দি ভি, ছি, ডি, ছিৰ যমুনাটাৰী গাঁওত MGNREGAৰ কামত ব্যাপক কেলেংকাৰী সংঘটিত হৈছে।
কোকৰাঝাৰ জিলাৰ গোঁসাই গাঁও উন্নয়ন খণ্ডৰ আশাৰিকান্দি ভি, ছি, ডি, ছিৰ যমুনাটাৰী গাঁওত MGNREGA আঁচনীৰ নামত ব্যাপক দূৰ্নীতী হোৱাৰ অভিযোগ উত্থাপন হৈছে।
ৰাজ্য খনৰ লগতে বি, টি, আৰত সঘনাই দেখিবলৈ পোৱা যায় যে চৰকাৰী আঁচনী সমূহৰ নামত চলি থাকে দূৰ্নীতি। এই বাৰ MGNREGAৰ আঁচনীৰ নামত ব্যাপক দূৰ্নীতীৰ অভিযোগ উত্থাপন হৈছে। গোঁসাইগাঁও উন্নয়ন খণ্ডৰ আশাৰিকান্দি ভি, ছি, ডি, ছিৰ যমুনাটাৰী গাঁওত MGNREGA আঁচনীৰ নামত নাম মাত্ৰ কাম কৰি সমুদায় আঁচনীৰ অৱণ্টিত ধন গো ঘেৰাহে ভক্ষণ কৰি ৰাইজক বিপদত পেলোৱাৰ অভিযোগ উত্থাপন হৈছে। যমুনাটাৰী গাঁওত ২০২১-২০২২ বৰ্ষৰ MGNREGAৰ‌‌‌ মাথাউৰী বান, ৰাস্তাৰ কাম,আনকি ইছলাম ধৰ্মীয় শিক্ষা অনুষ্ঠানৰো কামতো ফাকি মাৰি ব্যক্তিগত স্বাৰ্থৰ হকে নাম মাত্ৰ কাম কৰি টকা আত্মৎসাত কৰাৰ অভিযোগ উত্থাপন হৈছে।
ইফালে ৰাইজে কামৰ বুজ ল’বলৈ গলেই মাৰিব,কাটিব, জেলত দিব বুলি ধমকী প্ৰদান কৰে UPPL দলৰ দলীয় কৰ্মী ইনছান আলীয়ে।

এতিয়া প্ৰশ্ন হয় কাৰ আশীৰ্বাদত আশীপুষ্ট হৈ দুৰ্নীতিত নামি পৰিছে UPPLদলৰ দলীয় কৰ্মী ইনছান আলী ইয়াৰ আৰত কোন কোন জৰিত হৈ আছে ?
বি, টি, আৰ প্ৰমোদ বড়ো চৰকাৰৰ পৰিৱৰ্তন । এতিয়া কথা হ’ল প্ৰমোদ বড়োই নিৰ্বাচনৰ প্ৰাগমূহতত সভা সমিতি পাতি কৈছিল আমাৰ UPPLদল শাসনত আহিলেই বি, টি, আৰত আমি পৰিবৰ্তন আনিম এয়ে হৈছে প্ৰমোদ বড়ো চৰকাৰৰ পৰিৱৰ্তন। পৰিবৰ্তনতো দুৰৰে কথা বি, টি, আৰত এতিয়া চলিছে বেয়াগোম কেলেংকাৰীৰ প্ৰতিযোগিতা । এই কামত যদি সঠিক তদন্ত হয় ইয়াৰ আৰত কোন কোন জৰিত আছে পিছত লক্ষণীয় হব

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *