কাইলৈ বৰপেটা জিলা পুৰুষ দল দবা বাচনি প্ৰতিযোগিতা

79

বৰপেটা জিলা (পুৰুষ দল) দবা বাচনি প্ৰতিযোগিতাখন ৩০ জুন দিনৰ ১১ বজাত বৰপেটা জিলাৰ কলগাছিয়াৰ ‘জ্যোতি-ৰাভা-নজৰুল সংঘ’ত অনুষ্ঠিত হ’ব। উল্লেখ্য যে, ২০২৪ বৰ্ষৰ ৰাজ্যিক সদৌ অসম আন্ত:জিলা দবা প্ৰতিযোগিতালৈ বৰপেটা জিলাৰ চাৰিজন নিৰ্বাচিত দবা খেলুৱৈ পঠাবলৈ বাচনি এই প্ৰতিযোগিতাখন কলগাগিছাত অনুষ্ঠিত হ’ব।

বাচনি প্ৰতিযোগিতাখনত অবিভক্ত বৰপেটা জিলাৰ সকলো দবা খেলুৱৈয়ে যোগদান কৰিব পাৰিব। এই বাচনি দবা প্ৰতিযোগিতাৰ মাছুল ৩০০টকা। প্ৰতিযোগিতাখন চুইচ লীগ পদ্ধতিত অনুষ্ঠিত হ’ব।

ইচ্ছুক দবা খেলুৱৈয়ে বি ডি চি এ’ৰ সভাপতি চন্দন কুমাৰ দাস আৰু আৰদশ আলি, সাধাৰণ সম্পাদক আৰদশ আলিৰ লগতে ৰাজ্যিক কাৰ্যনিৰ্বাহক পৰান্তপ সূত্ৰধাৰ চৌধুৰীৰ সৈতে যোগাযোগ কৰিব পাৰে। উল্লেখ্য যে, এইবাৰৰ পৰা বৰপেটা জিলা বাচনি প্ৰতিযোগিতাখন জিলাখনৰ বিভিন্ন অঞ্চলত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

সম্প্ৰতি বহু খেলুৱৈৰ আপত্তিৰ বাবে ২০২৪ৰ ১ জুলাইত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখন ৩০ জুনলৈ আগুৱাই দিয়া হৈছে।