উত্তৰ-পূৱৰ চাহ খেতিয়কক এফআৰপি প্ৰৱৰ্তনৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ স্মাৰক

ক্ষুদ্র চাহ খেতিয়কসকলক সকাহ দিয়াৰ অনুৰোধ জনাই দেশৰ প্ৰধানমন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদান কৰিছে উত্তৰ পূৰ্বাঞ্চলৰ কেইবাটাও ক্ষুদ্র চাহ খেতিয়ক সন্থাই। নর্থ ইষ্ট কনফেডাৰেচন ফৰ স্মল টী গ্র’ৱাৰ্ছৰ সভাপতি দিগন্ত ফুকন, সদৌ অসম ক্ষুদ্র চাহ খেতিয়ক পৰিষদৰ সভাপতি নাৰায়ণ লাহন, সদৌ নাগালেণ্ড ক্ষুদ্র চাহ খেতিয়ক সংস্থাৰ সভাপতি এন পল কিকন, সদৌ ত্ৰিপুৰা ক্ষুদ্র চাহ খেতিয়ক সংস্থাৰ সভাপতি ৰাচিক দেৱবাৰ্মা, সদৌ অৰুণাচল প্রদেশ ক্ষুদ্র চাহ খেতিয়ক সংস্থাৰ সভাপতি টাডাক গেব আৰু মেঘালয় ক্ষুদ্র চাহ খেতিয়ক সংস্থাৰ সভাপতি থমাছ মালায়ে যুটীয়া স্মাৰক পত্ৰ যোগে উত্তৰ-পূৰ্বাঞ্চলৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সমস্যা শীঘ্ৰে সমাধানৰ দাবী উত্থাপন কৰিছে৷

এক বিবৃতি যোগে চাহ উদ্যোগৰ সৈতে জড়িত সংস্থাকেইটাই কয় যে প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰা স্মাৰকপত্ৰ যোগে কেঁচা চাহপাতৰ ক্ষেত্ৰত ন্যায্য আৰু পাৰিশ্ৰমিক মূল্য (এফআৰপি) প্ৰৱৰ্তন কৰি ক্ষুদ্ৰ চাহ খেতিয়কসকলক সকাহ দিয়ক৷ বৰ্তমান চৰকাৰৰ দ্বাৰা মুঠ ২২ বিধ কৃষিজাত শস্যৰ ক্ষেত্রত ন্যূনতম সমর্থন মূল্য প্রযোজ্য হৈ থকাত বজাৰ মূল্যৰ সঘন তাৰতম্য ঘটিলেও কৃষকসকল বেছিকৈ ক্ষতিগ্রস্ত নহয়। আন এক চৰকাৰী পদক্ষেপ হৈছে কুঁহিয়াৰ খেতিৰ ক্ষেত্ৰত প্ৰৱৰ্তন কৰা ন্যায্য আৰু পাৰিশ্ৰমিক মূল্য যাৰ বাবে কুঁহিয়াৰ উৎপাদকসকল লাভান্বিত হৈ আছে। চাহ খণ্ড হৈছে আধা কৃষি আৰু আধা উদ্যোগ। ক্ষুদ্র চাহ খেতিয়কসকলে নিজৰ নিজৰ ক্ষুদ্র চাহ বাগিচাসমূহত কেঁচাপাত উৎপাদন কৰে আৰু সেই কেঁচাপাত চাহ কাৰখানাসমূহলৈ প্ৰেৰণ কৰে।

গতিকে ক্ষুদ্র চাহ খেতিয়কসকলক সকাহ দিয়াৰ উদ্দেশ্যে ক্ষুদ্র চাহ খেতিয়কসকলৰ দ্বাৰা উৎপাদিত কেঁচা চাহপাতৰ ক্ষেত্ৰত ন্যায্য আৰু পাৰিশ্ৰমিক মূল্য প্ৰৱৰ্তনৰ ব্যৱস্থা গ্রহণ কৰক৷ উল্লেখ্য যে বর্তমান ভাৰতীয় চাহ বোৰ্ডৰ দ্বাৰা জিলাভিত্তিক নিৰ্ধাৰণ কৰি থোৱা এভাৰেজ গ্রীণ লিফ প্রাইচ মাহে মাহে সাল-সলনি হৈ থাকে৷ এই ব্যৱস্থাই ক্ষুদ্র চাহ খেতিয়কসকল আৰু চাহ উৎপাদনকাৰীসকলৰ মাজত এক সংঘাত তথা ব্যৱধানৰ পৰিবেশহে অনা বুলি স্মাৰকপত্ৰত উল্লেখ কৰা হৈছে। লগতে স্মাৰকপত্ৰত দেশৰ কৃষি বিভাগক ক্ষুদ্র চাহ খেতিয়কসকলক ৰেহাই মূল্যত উন্নত মানৰ সা সঁজুলি যোগান ধৰাৰ বাবে পদক্ষেপ গ্রহণ কৰাৰ দাবী উত্থাপন কৰে৷

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *