সোণাৰাম স্কুল খেলপথাৰৰ উন্নয়ন সম্পৰ্কীয় সভা সম্পন্ন

গুৱাহাটীৰ ভৰলুমুখস্থিত ঐতিহ্যমণ্ডিত সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰখন ক্ৰমান্বয়ে খেলৰ অনুপযোগী হৈ পৰা কাৰ্যত গুৱাহাটীৰ ক্ৰীড়াপ্ৰেমী সকলৰ লগতে বিদ্যালয়খনৰ লগত জড়িত সকলোকে চিন্তিত কৰি তুলিছে। যাৰ বাবে ১৭ মে’ৰ দিনা বিয়লি  বিদ্যালয়খনৰ প্ৰেক্ষাগৃহত  বিদ্যালয়ৰ খেলপথাৰখনৰ উন্নয়ন সম্পৰ্কত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হৈ যায়। আনহাতে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মালবিকা চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত উদ্দ্যেশ্য বাখ্যা কৰে বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ কাৰ্যকৰী সভাপতি আৰু অসামৰিক খাদ্য যোগান বিভাগৰ উপাধ্যক্ষ দেৱান ধ্ৰুৱজ্যোতি মৰলে। সভাত মূখ্য অতিথি হিচাপে ভাগ লৈ  পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ  বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই সকলো পক্ষৰ সহযোগত যিকোনো প্ৰকাৰে খেলপথাৰখন পুনৰ খেলৰ উপযোগী কৰি তোলা হব বুলি ব্যক্ত কৰি এইক্ষেত্ৰত সকলোৰে সহযোগিতা কামনা কৰে।

সভাৰ  আৰম্ভণিতে পেহেলগামত সন্ত্ৰাসবাদীৰ হাতত প্ৰাণ হেৰুওৱা ২৬ জন নীৰিহ পৰ্যটক ,  ভাৰত পাকিস্তানৰ শেহতীয়া  যুদ্ধত শ্বহীদ হোৱা সেনা , অসমৰ সংগীত জগতৰ এগৰাকী প্ৰতিস্থিত কণ্ঠশিল্পী গীতাঞ্জলি হাজৰিকাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি দিয়া বিদেহী আত্মাৰ সদগতিৰ বাবে এক মিনিট সময়  মৌন প্ৰাৰ্থনা কৰা হয় । সভাত বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষাৰ দায়িত্বত থকা কামৰূপ মহানগৰ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক  ড০ দীপিকা চৌধুৰী , প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ সভাপতি জয়দুল ইছলাম ,  ৰাজীৱ বৰা, দিগন্ত বৰা , জ্যোতি পাঠক, জগদীশ  দাস,   মনোজ দাস , গুৱাহাটী পৌৰ নিগমৰ পাৰিষদ পুৰবী তালুকদাৰ , হিৰনময়ী ভট্টাচাৰ্য্যকে ধৰি কেইবাজনেও খেলপথাৰখনৰ কেনে ধৰণৰ উন্নয়ন সাধন কৰা হব তাৰ অভিমত দাঙি ধৰি  পৰিকল্পনাৰ  ওপৰত মন্তব্য আগবঢ়ায়।

সভাত বিগত ৩০ টা বছৰ ধৰি সোণাৰাম  খেলপথাৰখনক এখন আটকধুনীয়া মিনি স্টেডিয়াম গঢ়ি তোলাৰ বাবে দেখি অহা সপোন  অতি শীঘ্ৰে ফলপ্ৰসু কৰি তুলিবলৈ বিদ্যালয়ৰ পৰিচালনা তথা উন্নয়ন কমিটিৰ সভাপতি , সম্পাদকলৈ  এখনি ১০ জনীয়া কমিটি গঠন কৰা  হয়। ইয়াৰ উপৰিও  অনুমোদিত ২০ লাখ টকাৰে খেলপথাৰখনৰ প্ৰাৰম্ভিক কামকাজখিনী আৰম্ভ কৰাৰ বাবে বিশেষজ্ঞৰ জৰিয়তে  এখনি পৰিকল্পনাৰ ৰোড মেপ বনাবলৈ দায়িত্ববাহী সকলক আহ্বান জনোৱা হয়।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *