ভেনিজুৱেলাৰ মাৰিয়া মাচাডোক শান্তিৰ ন’বেল বঁটা

স্বপ্ন ভংগ হ’ল আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ। দীৰ্ঘদিন ধৰি তেওঁ শান্তি ন’বেল বঁটা লাভৰ প্ৰবল প্ৰতিদ্বন্দ্বী আছিল বুলি দাবী কৰি আছিল। তেওঁক শান্তিৰ ন’বেল বঁটা প্ৰদান কৰিব লাগে বুলি ইজৰাইল আৰু পাকিস্তানে ন’বলে কমিটিলৈ পত্ৰও প্ৰেৰণ কৰিছিল। অৱশ্যে তেওঁৰ সপোন এতিয়া ভংগ হৈ পৰিছে।

ইয়াৰ পৰিৱৰ্তে ভেনিজুৱেলাত গণতান্ত্ৰিক অধিকাৰৰ প্ৰসাৰৰ লগতে একনায়কত্ববাদৰ পৰা গণতন্ত্ৰলৈ শান্তিপূৰ্ণ পৰিৱৰ্তন সাধনৰ বাবে অক্লান্ত প্ৰচেষ্টাৰ বাবে ভেনিজুৱেলাৰ বিৰোধী নেত্ৰী মাৰিয়া মাচাডোক শান্তিৰ ন’বেল বঁটাৰে সন্মানিত কৰা হৈছে। ন’বেল বঁটা সমিতিৰ মতে ভেনিজুৱেলাত একনায়কত্ববাদী শাসন ব্যৱস্থাৰ বাবে ৰাজনৈতিক কাম অত্যন্ত কঠিন। মাচাডোৱে গণতন্ত্ৰৰ উন্নতিৰ বাবে কাম কৰা সংস্থা সুমাটে প্ৰতিষ্ঠা কৰিছিল।

তেওঁ দেশত মুক্ত আৰু নিকা নিৰ্বাচনৰ দাবী জনাই আহিছে। কেইবামাহো ধৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে ন’বেল বঁটাৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰি আছিল যদিও ন’বেল কমিটীয়ে তেওঁক এই বঁটাৰ বাবে বাছনি কৰা নাছিল। বিজয়ী প্ৰতিযোগীয়ে ১ কোটি ১০ লাখ ছুইডিছ ক্ৰ’ন (১০.৩ কোটি টকা), স্বৰ্ণ পদক, আৰু প্ৰমাণ পত্ৰ লাভ কৰিব। ১০ ডিচেম্বৰত অছল’ত প্ৰদান কৰা হ’ব এই বঁটা।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *