ভাৰতৰ উপৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখড়ৰৰ বিৰুদ্ধে পুনৰ সৰব হৈছে বিৰোধী। তেওঁৰ বিৰুদ্ধে বিৰোধীয়ে আনিছে অনাস্থা প্ৰস্তাৱ। এই সন্দৰ্ভত ৰাজ্যসভাৰ সভাপতিলৈ জাননী জাৰি কৰা হৈছে। ইয়াক লৈ সংসদ উত্তাল হৈ আছে। যাৰ বাবে ৰাজ্যসভা স্থগিত কৰিবলগা হৈছে।
ইয়াক লৈ এখন সংবাদমেল সম্বোধন কৰি কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে জগদীপ ধনখড়ৰ সন্দৰ্ভত কেইবাটাও অভিযোগ উত্থাপন কৰে। কংগ্ৰেছ সভাপতিজনে কয় যে উপ-সভাপতিৰ মনোভাৱ বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ দৰে। যদি বিৰোধী দলৰ নেতাই সদনত পাঁচ মিনিটৰ ভাষণ আগবঢ়াই, তাৰ প্ৰতিক্ৰিয়াস্বৰূপে উপ ৰাষ্ট্ৰপতিয়ে ১০ মিনিটৰ ভাষণ আগবঢ়ায়।
মল্লিকাৰ্জুন খাৰ্গে কয়-সংসদত বিৰোধীয়ে শাসনৰ অধীনত যিকোনো বিষয় উত্থাপন কৰিলে সভাপতিয়ে তেওঁলোকক পৰিকল্পিত ভাৱে বিতৰ্ক বা আলোচনা কৰিবলৈ অনুমতি নিদিয়ে। বাৰে বাৰে বিৰোধী নেতাসকলক ভাষণ আগবঢ়োৱাৰ পৰা বিৰত ৰখা হয়। তেওঁ চৰকাৰী মুখপাত্ৰ হিচাপে কাম কৰি আছে বুলি অভিযোগ উত্থাপন কৰে।