অৰ্থনৈতিক সংস্কাৰৰ জনক আৰু ৰাজনীতিত সৰলতা আৰু নম্ৰতাৰ প্ৰতীক প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ নশ্বৰ দেহ পঞ্চভূতত বলিন হয়। তেওঁক দিল্লীত ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যেষ্টিক্ৰিয়া কৰা হয়। প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ কন্যাই মুখাগ্নি দিয়ে। ৰাষ্ট্ৰপতি দ্ৰৌপাদি মুৰ্মু, উপ- ৰাষ্ট্ৰপতি জগদীপ ধনখড়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধী, কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধী, দলৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰা আৰু আন কেইবাজনো ব্যক্তিয়ে সিঙক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়েল ৱাংচুক আৰু মৰিচাছৰ বৈদেশিক মন্ত্ৰী ধনঞ্জয় ৰামফুলে শনিবাৰে ইয়াত নিগমবোধ ঘাটত প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙক পুষ্পাঞ্জলি অৰ্পন কৰে। সিঙৰ পত্নী গুৰশৰণ কৌৰ, তিনিগৰাকী কন্যা আৰু কেইবাজনো আত্মীয় অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত থাকে।
প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক শিখ ধৰ্মৰ ৰীতি-নীতিৰে অন্ত্যেষ্টিক্ৰিয়া কৰা হয়। ইয়াৰ পূৰ্বে, কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ৰ পৰা নিগমবোধ ঘাটলৈ তেওঁৰ অন্তিম যাত্ৰা উলিয়াই নিয়া হৈছিল। কংগ্ৰেছ কৰ্মীসকলে “জব তক সুৰজ চান্দ ৰহেগা, মনমোহন আপনা নাম ৰহেগা” আৰু “মনমোহন সিং অমৰ ৰহে”ৰ দৰে শ্ল’গান দিয়ে। কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধী, সিঙৰ পৰিয়ালৰ কিছুসদস্য আৰু কংগ্ৰেছৰ কেইজনমান নেতাও সিঙৰ মৃতদেহ ৰখা বাহনখনত বহি থকা দেখা যায়। অন্ত্যেষ্টিক্ৰিয়াৰ আগতে সিঙৰ মৃতদেহ কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ‘২৪ আকবৰ ৰোড’ত ৰখা হৈছিল, য’ত ছোনিয়া গান্ধী, খাৰ্গে, ৰাহুল গান্ধী আৰু দলৰ আন কেইবাজনো জ্যেষ্ঠ নেতা আৰু কৰ্মীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ নশ্বৰ দেহ তেওঁৰ বাসগৃহৰ পৰা পুৱা প্ৰায় ৯ বজাত কংগ্ৰেছৰ মুখ্য কাৰ্যালয়লৈ অনা হৈছিল, য’ত দলৰ নেতা আৰু কৰ্মীসকলে ইতিমধ্যে তেওঁলোকক শেষ শ্ৰদ্ধা জনাবলৈ অপেক্ষা কৰি আছিল। ছোনিয়া গান্ধী, খাৰ্গে, ৰাহুল গান্ধী, কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰা আৰু দলৰ আন কেইবাজনো নেতাই সিঙক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।