মণিপুৰত আৰক্ষীৰ বৃহৎ সফলতা

চুবুৰীয়া ৰাজ্য মণিপুৰত বুজণ পৰিমাণৰ গাঞ্জা আৰু অবৈধ মাৰণাস্ত্ৰ জব্দ কৰিছে আৰক্ষীয়ে। পশ্চিম ইম্ফল জিলাৰ পাটছৈ থানাৰ সন্মুখত অভিযান চলাই মণিপুৰ আৰক্ষীয়ে ২৭৪ কেজি গাঞ্জা জব্দ কৰিছে।গাঞ্জা সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে দুজন লোকক গ্ৰেপ্তাৰ কৰিছে। ধৃত লোক দুজন কায়েনবাম কেনেডি সিং আৰু কেইছাম শৰৎ সিং। সৰবৰাহকাৰী দুজনৰ পৰা এটা মোবাইল ফোন আৰু নগদ ৩৮৩০ টকাও জব্দ কৰে আৰক্ষীয়ে। জব্দ কৰা গাঞ্জাখিনিৰ‌ মূল্য কেইবা লাখ টকা হ’ব বুলি অনুমান কৰা হৈছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *