ৰাজনৈতিক ৰণনীতিৰ গোপন নথিপত্ৰ আৰু নিৰ্বাচনী কৌশলক লৈ কলকাতাৰ ৰাজপথত এতিয়া এক অভাৱনীয় ধৰ্মযুদ্ধৰ সূচনা হৈছে। বৃহস্পতিবাৰে পুৱাৰে পৰা কলকাতাৰ কেইবাটাও স্থানত বলবৎকাৰী সঞ্চালকালয় চমুকৈ ইডিয়ে অভিযান চলোৱাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা চেপা উত্তেজনাই দুপৰীয়া এক নাটকীয় মোৰ লয়। তৃণমূল কংগ্ৰেছৰ নিৰ্বাচনী পৰামৰ্শদাতা প্ৰতিষ্ঠান ‘আই-পেক’ৰ কাৰ্যালয় আৰু ইয়াৰ মুৰব্বী প্ৰতীক জৈনৰ বাসগৃহত চলি থকা তালাচীৰ মাজতে স্বয়ং মুখ্যমন্ত্রী মমতা বেনাৰ্জীয়ে কৰা হঠাত প্ৰৱেশে কেন্দ্ৰীয় সংস্থাক একপ্ৰকাৰ স্তম্ভিত কৰি তোলে। মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰে দলৰ আগন্তুক নিৰ্বাচনৰ অত্যন্ত গোপনীয় তথ্য হস্তগত কৰিবলৈ চলোৱা এই অভিযানক অসাংবিধানিক বুলি অভিহিত কৰে।
দুপৰীয়া প্ৰায় ১২ বজাত কলকাতাৰ আৰক্ষী আয়ুক্ত মনোজ বাৰ্মাৰ সৈতে মমতা বেনাৰ্জী প্ৰতীক জৈনৰ বাসগৃহত উপস্থিত হৈ প্ৰায় ২০-২৫ মিনিট সময় ভিতৰত কটায়। বাহিৰলৈ ওলাই অহাৰ সময়ত মুখ্যমন্ত্ৰীৰ হাতত এটা সেউজীয়া ৰঙৰ ফাইল দেখা যায় আৰু সংবাদ মাধ্যমৰ আগত তেওঁ ক্ষোভ উজাৰি কয় যে ইডিয়ে তেওঁৰ দলৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী তালিকা, নিৰ্বাচনী কৌশল আৰু হাৰ্ড ডিস্কসমূহ জব্দ কৰাৰ ষড়যন্ত্ৰ কৰিছে। তেওঁৰ মতে, বিৰোধীৰ নিৰ্বাচনী গোপন তথ্য চুৰি কৰিবলৈহে ইডিক ব্যৱহাৰ কৰা হৈছে। উল্লেখ্য যে, আজি পুৱা ৬ বজাৰ পৰাই ছল্টলেকৰ ছেক্টৰ-৫ত থকা আই-পেকৰ কাৰ্যালয়তো অভিযান চলায় ইডিয়ে। মুখ্যমন্ত্ৰীয়ে অভিযোগ কৰিছে যে কাৰ্যালয়ত কোনো লোক উপস্থিত নথকাৰ সুযোগ লৈ ইডিয়ে সকলো গুৰুত্বপূৰ্ণ তথ্য আৰু ছফট্ৱেৰ নিজৰ ব্যৱস্থালৈ স্থানান্তৰ কৰিছে। পৰৱৰ্তী সময়ত তেওঁ ছেক্টৰ-৫ৰ কাৰ্যালয়তো উপস্থিত হয় আৰু তাতো পৰিস্থিতিৰ তদাৰক কৰে। এই সমগ্ৰ প্ৰক্ৰিয়াটোক লৈ তেওঁ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক পোনপটীয়া আক্ৰমণ কৰি কয় যে এয়া আইন বলবৎ কৰা নহয়, বৰঞ্চ বিৰোধীক ভয় খুৱাবলৈ কৰা এক ঘৃণনীয় ৰাজনৈতিক প্ৰতিশোধহে।
আনহাতে, মুখ্যমন্ত্ৰীৰ এই পদক্ষেপক তীব্ৰ সমালোচনা কৰিছে বিৰোধী দলপতি শুভেন্দু অধিকাৰীয়ে। তেওঁৰ মতে, এগৰাকী মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় সংস্থাৰ নিৰপেক্ষ তদন্তত এনেদৰে বাধা প্ৰদান কৰাটো অনৈতিক আৰু অসাংবিধানিক কাৰ্য। অধিকাৰীয়ে প্ৰশ্ন উত্থাপন কৰি কয় যে এটা ৰাজনৈতিক দলৰ নিৰ্বাচনী নথিপত্ৰ কিয় এটা ব্যক্তিগত প্ৰতিষ্ঠানৰ ওচৰত থাকে। তেওঁ মমতা বেনাৰ্জীৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণৰো দাবী জনায়।
