শিশুৰ সুৰক্ষাৰ স্বাৰ্থত স্পেইন চৰকাৰৰ ডাঙৰ সিদ্ধান্ত: ১৬ বছৰৰ তলৰ কিশোৰৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া

ইণ্টাৰনেটৰ পৃথিৱীত শিশুসকলক মানসিক আৰু সামাজিক ক্ষতিৰ পৰা ৰক্ষা কৰিবলৈ এইবাৰ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে স্পেইন চৰকাৰে। মঙলবাৰে দেশখনৰ প্ৰধানমন্ত্ৰী পেড্ৰ’ ছানচেজে ঘোষণা কৰে যে স্পেইনত ১৬ বছৰৰ তলৰ শিশু আৰু কিশোৰৰ বাবে ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হ’ব। অনলাইন জগতত বিয়পি পৰা অবৈধ সমল আৰু যৌন নিৰ্যাতনমূলক বিষয়সমূহৰ পৰা নৱপ্ৰজন্মক সুৰক্ষিত ৰখাৰ লক্ষ্যৰেই এই ঐতিহাসিক আইনখন প্ৰণয়নৰ যো-জা চলাইছে ছানচেজ চৰকাৰে।

ডুবাইত অনুষ্ঠিত এক সন্মিলনত ভাষণ দি ছানচেজে বিশ্বৰ বৃহৎ প্ৰযুক্তি কোম্পানীসমূহক তীব্ৰ সমালোচনা কৰে। তেওঁ কয় যে বৰ্তমানৰ ডিজিটেল যুগত আমাৰ শিশুসকল এনে এটা পৰিৱেশৰ সন্মুখীন হৈছে য’ত তেওঁলোকে অকলে খোজ পেলোৱাটো কেতিয়াও উচিত নাছিল। ছ’চিয়েল মিডিয়া কোম্পানীসমূহে যাতে কেৱল নামমাত্ৰ নহয়, বৰঞ্চ সঠিক বয়স নিৰূপণ প্ৰক্ৰিয়াৰ জৰিয়তে এই নিষেধাজ্ঞা কাৰ্যকৰী কৰে, তাৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে। ছানচেজৰ মতে, প্ৰযুক্তি কেতিয়াও নিৰপেক্ষ হ’ব নোৱাৰে আৰু চৰকাৰে এই ক্ষেত্ৰত চকু মুদি থকাটো এতিয়া বন্ধ কৰিব লাগিব।

উল্লেখ্য যে, স্পেইনৰ পূৰ্বে ফ্ৰান্স, অষ্ট্ৰেলিয়া আৰু ডেনমাৰ্কৰ দৰে দেশসমূহেও শিশুৰ বাবে ছ’চিয়েল মিডিয়া নিষিদ্ধ কৰাৰ দিশত আগবাঢ়িছে। ফ্ৰান্সে ইতিমধ্যে ১৫ বছৰৰ তলৰ শিশুৰ বাবে এই নিষেধাজ্ঞা অনুমোদন জনাইছে আৰু উচ্চ মাধ্যমিক বিদ্যালয়ত মোবাইল ফোনৰ ব্যৱহাৰো নিষিদ্ধ কৰিছে। আনহাতে, ইলন মাস্কে স্পেইনৰ প্ৰধানমন্ত্ৰীৰ এই পদক্ষেপক তীব্ৰ ভাষাৰে বিৰোধিতা কৰিছে। স্পেইন চৰকাৰে আগন্তুক সপ্তাহত এই বিধেয়কখন সংসদত উত্থাপন কৰাৰ সম্ভাৱনা আছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *