বেংক জালিয়াতিৰ বৃহৎ নেটৱৰ্ক উৎখাত: মৰিগাঁও আৰু নগাঁৱত আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ ৫ চাইবাৰ অপৰাধী

ভুৱা নথিপত্ৰৰ সহায়ত বেংকৰ লাখ লাখ টকা আত্মসাৎ কৰা এক সুসংগঠিত চাইবাৰ অপৰাধীৰ চক্ৰৰ বিৰুদ্ধে অসম আৰক্ষীয়ে লাভ কৰিছে এক বৃহৎ সফলতা। মৰিগাঁও জিলা আৰক্ষীৰ এটা বিশেষ দলে যোৱানিশা মৰিগাঁও আৰু চুবুৰীয়া নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত চলোৱা এক তীব্ৰ অভিযানত পাঁচজন কুখ্যাত চাইবাৰ প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

আৰক্ষীৰ সূত্ৰই জনোৱা মতে, এই চক্ৰটোৱে ভুৱা আৰু জাল নথিপত্ৰ দাখিল কৰি এক্সিছ বেংকৰ পৰা ২৫ লাখ টকাতকৈ অধিক ধন অবৈধভাৱে হস্তগত কৰিছিল। গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত আৰক্ষীৰ বিশেষ দলটোৱে লাহৰীঘাট, মৈৰাবাৰী আৰু ধিং থানাৰ অন্তৰ্গত বিভিন্ন স্থানত এক যুটীয়া অভিযান চলায়। গ্ৰেপ্তাৰ হোৱা অভিযুক্ত কেইজন হৈছে মৈৰাবাৰীৰ আজহাৰুল ইছলাম (২৮) আৰু বাহাৰুল ইছলাম (৩৪), ধিঙৰ মাহমুদ হাছান (২৮) আৰু ৰকিবুৰ ৰহমান (২৬) তথা লাহৰীঘাটৰ ৰিয়ানুদ জামান (২১)। অভিযানকালত আৰক্ষীয়ে প্ৰৱঞ্চনাৰ কামত ব্যৱহাৰ কৰা বৃহৎ পৰিমাণৰ আপত্তিজনক সামগ্ৰীও জব্দ কৰে। ইয়াৰ ভিতৰত আছে সাতটা মোবাইল ফোন, ছখন ডেবিট কাৰ্ড, দুখন চেক বুক, এখন পাছপোৰ্ট, দুখন বেংক পাছবুকৰ লগতে পেন কাৰ্ড আৰু আধাৰ কাৰ্ড। তদন্তকাৰী বিষয়াৰ মতে, এই ডিজিটেল সঁজুলি আৰু ভুৱা পৰিচয় পত্ৰৰ সহায়তেই অপৰাধীকেইজনে বেংকৰ লেনদেনত বিসংগতি ঘটাই ধনৰ সৰবৰাহ কৰিছিল।

বৰ্তমান আৰক্ষীয়ে ধৃত প্ৰৱঞ্চক কেইজনক অধিক সোধা-পোছা অব্যাহত ৰাখিছে। প্ৰাৰম্ভিক তদন্তত ২৫ লাখ টকাৰ জালিয়াতিৰ কথা পোহৰলৈ আহিছে যদিও তদন্ত আগবঢ়াৰ লগে লগে এই পৰিমাণ আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। এই নেটৱৰ্কৰ সৈতে আন কোনো ব্যক্তি বা আন কোনো বেংক জড়িত হৈ আছে নেকি, সেই দিশটোও আৰক্ষীয়ে বিশেষভাৱে পৰীক্ষা কৰি আছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *