মহাৰাষ্ট্ৰৰ পালঘৰ জিলাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা

মহাৰাষ্ট্ৰৰ পালঘৰ জিলাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। জিলাখনৰ বয়ছাৰ তাৰাপুৰ এমআইডিচি এলেকাত অৱস্থিত মেলোডি (মেডলি) ফাৰ্মাচিউটিকেলছ লিমিটেড কোম্পানীত আজি সংঘটিত হয় এক ভয়ংকৰ ঘটনা। কোম্পানীটোৰ এফ-১৩ নং প্লাণ্টত আজি ঔষধ নিৰ্মাণ প্ৰক্ৰিয়াৰ সময়তে নাইট্ৰজেন গেছ নিৰ্গত হোৱাৰ ফলত চাৰিজন কৰ্মচাৰীয়ে প্ৰাণ হেৰুৱাইছে। গেছ লিকৰ ফলত শ্বাস–প্ৰশ্বাসত সমস্যাত পৰি এই লোককেইজনৰ মৃত্যু ঘটে। আনহাতে আন দুজন কৰ্মচাৰীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা হৈছে।জানিব পৰা মতে, ফাৰ্মা কোম্পানীটোত এলবেণ্ডাজ’ল ঔষধ প্ৰস্তুত কৰাৰ সময়তে নাইট্ৰ’জেন গেছ মিহলি কৰি থাকোঁতে হঠাতে গেছ লিকেজ হৈছিল। গেছ লিকেজৰ ফলত কৰ্মচাৰীসকল অচেতন হৈ পৰে।লগে লগে তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে ৪ জন কৰ্মচাৰীক মৃত ঘোষণা কৰে। নিহত কৰ্মচাৰীকেইজনক কমলেশ যাদৱ, কল্পেশ ৰাউট, ধীৰাজ পাৱাৰ আৰু বঙালী ঠাকুৰ বুলি চিনাক্ত কৰা হৈছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *