ছ’চিয়েল মিডিয়াত জনপ্ৰিয় হোৱাৰ তীব্ৰ হেঁপাহে সময়ে সময়ে সৃষ্টি কৰি আহিছে ভয়ংকৰ ঘটনা। উত্তৰ প্ৰদেশৰ বাৰা জিলাত ইনষ্টাগ্ৰাম ৰীলৰ বাবে ফাঁচী লোৱাৰ অভিনয় কৰিবলৈ গৈ এগৰাকী ২৭ বছৰীয়া মহিলাই অকাল মৃত্যুক আঁকোৱালি লোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। কেমেৰাৰ সন্মুখত অভিনয় কৰি থকাৰ সময়তে ডিঙিত চিপজৰী লাগি ধৰাত মোহনী নামৰ মহিলাগৰাকীয়ে আত্মৰক্ষাৰ কোনো সুযোগেই নাপালে।
যোৱা ২ ফেব্ৰুৱাৰীৰ সন্ধিয়া ববেৰু চহৰৰ কৰুইয়া পুৰৱাত এই মৰ্মান্তিক দুৰ্ঘটনা সংঘটিত হয়। পৰিয়ালৰ লোকে জনোৱা অনুসৰি মহিলাগৰাকীয়ে কোঠাৰ ভিতৰত চিলিং ফেনৰ কুন্দাত চিপজৰী লগাই টুল এখনত থিয় হৈ অভিনয় কৰি থকাৰ সময়তে হঠাৎ ভৰি পিচল খাই যায়। মাত্ৰ কেইচেকেণ্ডমানৰ ভিতৰতে এই কাল্পনিক ফাঁচীৰ দৃশ্যই বাস্তৱ ৰূপ লয় আৰু মহিলাগৰাকীৰ কৰুণ মৃত্যু ঘটে।
এই সমগ্ৰ দৃশ্য মহিলাগৰাকীৰ চাৰি বছৰীয়া কণমানি কন্যাই প্ৰত্যক্ষ কৰাতহে ঘটনাটো পোহৰলৈ আহে। কন্যাই মাতৃক ওলমি থকা দেখি চিঞৰ-বাখৰ কৰাত পৰিয়াল আৰু ওচৰ-চুবুৰীয়া ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে। আৰক্ষী অধীক্ষক পলাস বনচালে কয়, “প্ৰাথমিক তদন্তত এয়া ৰীল বনোৱাৰ সময়ত হোৱা এক দুৰ্ঘটনা যেন লাগিছে। আমি মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছোঁ আৰু প্ৰতিটো দিশৰ পৰা তদন্ত চলাই আছোঁ।” পৰিয়ালৰ লোকে জানিবলৈ দিয়ে যে মোহনীৰ ছ’চিয়েল মিডিয়াত ৰীল বনোৱাৰ অতিশয় চখ আছিল। কেৱল জনপ্ৰিয়তাৰ দৌৰত নামি এনেদৰে এগৰাকী মাতৃয়ে মৃত্যুক সাৱটি লোৱা কাৰ্যক কেন্দ্ৰ কৰি বৰ্তমান তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
