লণ্ডনৰ ৰাজপথত ১ লাখৰো অধিক লোক

শনিবাৰে লণ্ডনত ১ লাখৰো অধিক লোকে ‘ইউনাইট দ্য কিংডম’ নামেৰে এক সমদল উলিয়াই। ইয়াৰ নেতৃত্ব দিছিল প্ৰব্ৰজন বিৰোধী নেতা টমী ৰবিনছন। এই প্ৰব্ৰজন বিৰোধী ৰেলী ব্ৰিটেইনৰ সৰ্ববৃহৎ সোঁপন্থী ৰেলী বুলি গণ্য কৰা হয়। লণ্ডনৰ হোৱাইট হলৰ সমীপত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত সংঘৰ্ষত ২৬ জন আৰক্ষী আহত হয়, ৪ জনৰ অৱস্থা সংকটজনক।টমী ৰবিনছনৰ নেতৃত্বত লণ্ডনত অনুষ্ঠিত ‘ইউনাইট দ্য কিংডম’ ৰেলীত ১ লাখৰো অধিক লোকে অংশগ্ৰহণ কৰে। এই বিক্ষোভৰ উদ্দেশ্য আছিল অবৈধ অনুপ্ৰৱেশৰ বিৰুদ্ধে মাত মাতিব পৰা। আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়, বহু আহত হয়। কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে চৰকাৰৰ ওপৰত হেঁচা বাঢ়িছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *