নৱেম্বৰত কেৰালা ভ্ৰমণ কৰিব লিয়নেল মেছিৰ আৰ্জেণ্টিনা দলে

ফুটবল কিংবদন্তি লিয়নেল মেছি আৰু বিশ্ব চেম্পিয়ন আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰীয় ফুটবল দলে ১০ৰ পৰা ১৮ নৱেম্বৰৰ ভিতৰত কেৰালা ভ্ৰমণ কৰিব।আৰ্জেণ্টিনাৰ ফুটবল এছ’চিয়েশ্যনে এই কথা আনুষ্ঠানিকভাৱে নিশ্চিত কৰিছে।থিৰুৱনন্তপুৰমৰ গ্ৰীণফিল্ড ষ্টেডিয়ামত মেছি আৰু তেওঁৰ দলটোৱে এখন প্ৰদৰ্শনীমূলক খেল খেলিব। কেৰালা চৰকাৰ আৰু ৰেপোলাৰ ব্ৰডকাষ্টিং কোম্পানী প্ৰাইভেট লিমিটেডৰ যৌথ উদ্যোগত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ইয়াৰ পূৰ্বে আৰ্জেণ্টিনাৰ ফুটবল এছ’চিয়েশ্যনে ভাৰত ভ্ৰমণ কৰিবলৈ অস্বীকাৰ কৰা বুলি খবৰ ওলাইছিল।

২০২৫ চনৰ মে’ মাহত ফিফাৰ আন্তঃৰাষ্ট্ৰীয় মেচ কেলেণ্ডাৰৰ বাবে আৰ্জেণ্টিনাৰ দলটো কেৰালালৈ নাহিব বুলি দাবী কৰিছিল। কিন্তু ৰেপ’লাৰ টিভিৰ পৰিচালন সঞ্চালক তথা সম্পাদক এণ্টো অগাষ্টিনে এই উৰাবাতৰিবোৰক খাৰিজ কৰি কয় যে এএফএই কোনো বাতিল কৰা নাই। প্ৰস্তুতি পূৰ্ণগতিত চলি আছে, আৰু আমি সকলোকে আহ্বান জনাইছো যে বিভ্ৰান্তিকৰ বাতৰি প্ৰচাৰ নকৰিব।কেৰালাৰ ক্ৰীড়া মন্ত্ৰী ভি আব্দুৰহামানে ফেচবুকযোগে এই ভ্ৰমণৰ কথা ঘোষণা কৰি কয় যে, কেৰালাৰ ফুটবল অনুৰাগীৰ মৰম আৰু সমৰ্থন আৰ্জেণ্টিনা দলৰ বাবে আচৰিত হৈ পৰিছে।

অনুৰাগীক লগ পাবলৈ উৎফুল্লিত হৈ আছে আৰ্জেণ্টিনাৰ দল। প্ৰথম অৱস্থাত এই ভ্ৰমণৰ বিপুল খৰচক লৈ উদ্বেগ প্ৰকাশ পাইছিল যদিও কেৰালা চৰকাৰে এ এফ এক আমন্ত্ৰণ জনাইছিল। অনলাইন আলোচনাৰ অন্তত এ এফ এয়েও ফুটবল বিকাশৰ কাৰ্যসূচীৰ বাবে কেৰালাৰ সৈতে সহযোগিতা কৰাৰ আগ্ৰহ প্ৰকাশ কৰে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *