জুবিন গাৰ্গ হত্যাকাণ্ডঃ বিশেষ আদালত আৰু শক্তিশালী অধিবক্তাৰ দল বিচাৰি মুখ্যমন্ত্ৰীলৈ পত্ৰ পৰিয়ালৰ

অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ আইনী প্ৰক্ৰিয়া ক্ষীপ্ৰ কৰিবলৈ চৰকাৰী পক্ষত এদল অভিজ্ঞ আৰু আগশাৰীৰ অধিবক্তা নিযুক্তিৰ দাবীত সৰৱ হৈ পৰিছে শিল্পীগৰাকীৰ পৰিয়াল। এই সন্দৰ্ভত জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এখন বিশেষ পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰখনত তেওঁ সমগ্ৰ গোচৰটোৰ শুনানিৰ বাবে এখন বিশেষ আদালত গঠন কৰাৰ লগতে চৰকাৰী পক্ষৰ হৈ যুঁজিবলৈ এদল ‘স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ’ নিযুক্তিৰ আহ্বান জনায়। উল্লেখ্য যে, অভিশপ্ত ১৯ ছেপ্টেম্বৰৰ সেই শোকাৱহ ঘটনাৰ পাছত বিশেষ তদন্তকাৰী দলৰ তদন্তৰ অন্তত ইতিমধ্যে আদালতত চাৰ্জশ্বীট দাখিল কৰা হৈছে। এই চাৰ্জশ্বীটত জুবিন গাৰ্গৰ মৃত্যুক ‘হত্যা’ বুলি উল্লেখ কৰা হৈছে। গৰিমা শইকীয়া গাৰ্গে পত্ৰখনত উল্লেখ কৰে যে, অভিযুক্তসকলে নিজৰ প্ৰতিৰক্ষাৰ বাবে দেশৰ অতি অভিজ্ঞ আৰু খ্যাতিসম্পন্ন অধিবক্তা নিয়োগ কৰিছে। তেনেস্থলত চৰকাৰী পক্ষৰ আইনী যুঁজখন অধিক সবল কৰিবলৈ অভিজ্ঞ ফৌজদাৰী অধিবক্তাৰ দল আৰু প্ৰয়োজনীয় লজিষ্টিক সা-সুবিধাৰ জৰুৰী প্ৰয়োজন হৈ পৰিছে। পৰিয়ালটোৰ মতে, চাৰ্জশ্বীটত উল্লেখ থকা ৩৯৪ জন সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰি সমগ্ৰ বিচাৰ প্ৰক্ৰিয়া সমাপ্ত কৰিবলৈ স্বাভাৱিকতে দশকজুৰি সময় লাগিব পাৰে। গতিকে এই প্ৰক্ৰিয়া ক্ষীপ্ৰ কৰিবলৈ উচ্চ ন্যায়ালয়ত আবেদন জনাই এখন বিশেষ আদালতৰ ব্যৱস্থা কৰিবলৈ তেওঁলোকে চৰকাৰক অনুৰোধ জনায়। চৰকাৰে পূৰ্বে দিয়া আশ্বাস অনুসৰি এইটো বছৰৰ আৰম্ভণিতেই গোটেই প্ৰক্ৰিয়াটো অধিক সবল কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব বুলি পৰিয়ালটোৱে আশা প্ৰকাশ কৰে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *