নেমুৰ উপকাৰীতাৰ বিষয়ে জানেনে

নেমু এবিধ অনেক গুণেৰে সমৃদ্ধ ফল। নানা ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত নেমুৰ ভূমিকা গুৰুত্বপূৰ্ণ। তদুপৰি সৌন্দৰ্যবৰ্ধক আৰু সজীৱতাৰ কাৰক নেমু। উল্লেখযোগ্য যে নেমুত যথেষ্ট পৰিমাণে ভিটামিন ‘চি’ পোৱা যায়। মানৱ দেহৰ উপযোগী ভিটামিন ‘এ’, ‘বি’, আইৰণ, মেগনেছিয়াম, ফছফৰাছ, ছিলিকা আদি বিভিন্ন উপাদান নেমুত পোৱা যায়। তদুপৰি নেমুৰ ৰসত থকা অন্যান্য উপাদানসমূহ হ’ল কাৰ্বহাইড্ৰেট ১০.৮ গ্ৰাম, কেলচিয়াম ৮৮ মি:গ্ৰা:, পটাছিয়াম ১.৭৫ মি:গ্ৰা:, ক’পাৰ ০.৪৯ মি:গ্ৰা:, থায়মিন ০.১ মি:গ্ৰা: লগতে চাইট্ৰিক আৰু ফলিক এচিডো প্ৰচুৰ পৰিমাণে থাকে। নেমুত থকা ভিটামিন চিয়ে মানৱ দেহৰ শ্ৰীবৃদ্ধিত প্ৰভূত অৰিহণা যোগাই আহিছে। বিশেষকৈ দাঁতৰ ৰোগ প্ৰতিৰোধৰ উপৰি দাঁতৰ ৰোগ প্ৰতিৰোধৰ উপৰি সৌন্দৰ্য বৃদ্ধিতো যথেষ্ট সহায় কৰে। বদহজমী, বমি, কোষ্ঠকাঠিন্য আদি ৰোগ নিৰাময়ত নেমুৰ স্থান অতুলনীয়।ঋতু পৰিৱৰ্তনৰ সময়ত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাটো গুৰুত্বপূৰ্ণ। ইয়াৰ বাবে ছাইট্ৰাছ বা নেমু ফল খাব লাগে।গতিকে আজিৰ এই প্ৰতিবেদনৰ জৰিয়তে নেমুৰ উপকাৰিতাৰ বিষয়ে জানোঁ আহক ।শৰীৰৰ তেজখিনি পৰিস্কাৰ কৰি ৰখাত নেমুৰসে সহায় কৰে।
চুলি নসৰা কৰিবলৈ নাইবা চুলি গজাবৰ বাবে নেমৰস লগাব লাগে।
ভৰিৰ গেৰোৱা ফাটিলে তাক নিৰাময় কৰিবলৈ নেমুৰস লগাব লাগে।নেমুত থকা ভিটামিন চিয়ে ৰক্তহীনতাত ভোগা ব্যক্তিৰ দেহত হিম’গ্লবিন বৃদ্ধিত সহায় কৰে। এই ৰোগীয়ে প্ৰতিদিনৰ আহাৰত নিয়মীয়াকৈ নেমু খোৱা দৰকাৰ।মেদবহুলতাৰ সমস্যা আঁতৰাই দেহৰ গঠন সুন্দৰ আৰু আটিল কৰিবলৈ পুৱা খালী পেটত এগিলাছ পানীৰ লগত এটা নেমুৰ ৰস মিশ্ৰণ কৰি প্ৰতিদিনে খাব পাৰে। দেহৰ যিকোনো অংগত পৰা ক’লা দাগ নাইকিয়া কৰিবলৈ নেমুৰ ৰসৰ লগত মৌ মিহলাই একেৰাহে এমাহ লগাব লাগে।প্ৰতিদিনৰ আহাৰত এডোখৰকৈ নেমু খালে শাৰীৰিক দুৰ্বলতা নাশ হয়।
একাপ দৈৰ লগত এটা নেমুৰ ৰস মিহলাই মুখমণ্ডলত প্ৰলেপ দি ৩০ মিনিট সময় ৰাখিলে মুখৰ সৌন্দৰ্য বৃদ্ধিৰ উপৰি ছালখন শুকান হোৱাৰ পৰা ৰক্ষা পৰে।নেমুত থকা ভিটামিন চিয়ে ৰক্তহীনতাত ভোগা ব্যক্তিৰ দেহত হিম’গ্লবিন বৃদ্ধিত সহায় কৰে। এই ৰোগীয়ে প্ৰতিদিনৰ আহাৰত নিয়মীয়াকৈ নেমু খোৱা দৰকাৰ।
মেদবহুলতাৰ সমস্যা আঁতৰাই দেহৰ গঠন সুন্দৰ আৰু আটিল কৰিবলৈ পুৱা খালী পেটত এগিলাছ পানীৰ লগত এটা নেমুৰ ৰস মিশ্ৰণ কৰি প্ৰতিদিনে খাব পাৰে।
দেহৰ যিকোনো অংগত পৰা ক’লা দাগ নাইকিয়া কৰিবলৈ নেমুৰ ৰসৰ লগত মৌ মিহলাই একেৰাহে এমাহ লগাব লাগে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *