অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ যুৱক-যুৱতীসকলক বিশ্বব্যাপী কৰ্মসংস্থাপনৰ সুবিধা প্ৰদানৰ লক্ষ্যৰে CM-FLIGHT কাৰ্যসূচী আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে এই পদক্ষেপৰ অধীনত যুৱক-যুৱতীসকলক বিশ্বজুৰি কৰ্মসংস্থাপনৰ সুযোগৰ বাবে প্ৰস্তুত কৰিবলৈ বিভিন্ন বিদেশী ভাষা আৰু দক্ষতাৰ প্ৰশিক্ষণ দিয়া হ’ব।
বৰ্তমান এই কাৰ্যসূচীৰ অধীনত জাপানী ভাষাত এটা পাইলট প্ৰজেক্ট আৰম্ভ কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে যুৱক-যুৱতীসকলক প্ৰশিক্ষণ দি বহিঃৰাজ্যত কৰ্মসংস্থাপন প্ৰদানৰ বাবে এক ব্যাপক সহায় ব্যৱস্থা গঢ়ি তোলা হৈছে, যাৰ ফলত অসমৰ যুৱক-যুৱতীসকলে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ নাম উজলাই তুলিব পাৰিব।
