অসম-পশ্চিমবংগ সীমান্তৰ কৰিডৰেদি চলি থকা গৰু সৰবৰাহৰ এক বৃহৎ নেটৱৰ্ক উৎখাতৰ বাবে অভিযান চলাই অসম আৰক্ষীয়ে ছয়টাকৈ গৰু আৰু তিনিজন অভিযুক্ত সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। বিলাসীপাৰত অনুষ্ঠিত এই বিশেষ অভিযানত এচ ০১ এয়া ইউ ৭৯৭৫ নম্বৰৰ স্কৰপিঅ’ বাহনত অবৈধভাৱে পৰিবহণ কৰা গৰুকেইটা উদ্ধাৰ কৰা হয়। ধৃত অভিযুক্তৰ নাম চানোৱাৰ হুছেইন, আনোৱাৰ হুছেইন আৰু বাহাৰ আলী।
পশ্চিমবংগৰ পৰা অনা গৰুসমূহ বিলাসীপাৰাৰ চৰ অঞ্চলসমূহত নিয়াৰ পৰিকল্পনাৰ তথ্য প্ৰকাশ পাইছে। সৰবৰাহকাৰী চিণ্ডিকেটে আৰক্ষীৰ চকুৰ পৰা হাত সাৰিবলৈ কৌশল সলনি কৰি ব্যৱহাৰ কৰি আহিছে। পলাতক সন্দেহিত মাষ্টাৰমাইণ্ড হজরত আৰু জয়নালৰ বিৰুদ্ধে অভিযান তীব্ৰ কৰা হৈছে, আৰু আগন্তুক দিনত নামনি অসমৰ আন কেইবাটাও স্থানত তালাচী অভিযান চলোৱাৰ সম্ভাৱনা আছে।
