লালুপুত্ৰ তেজ প্ৰতাপলৈ হত্যাৰ ভাবুকি! আৰক্ষীৰ দ্বাৰস্থ হৈ বিচাৰিলে অতিৰিক্ত সুৰক্ষা

বিহাৰৰ ৰাজনীতিত পুনৰ নাটকীয় মোৰ। লালু প্ৰসাদ যাদৱৰ জ্যেষ্ঠ পুত্ৰ তেজ প্ৰতাপ যাদৱে এতিয়া নিজৰ জীৱনক লৈ শংকিত হৈ পৰিছে। নিজৰ দল জনশক্তি জনতা দলৰ (জেজেডি) পৰা বহিষ্কৃত মুখপাত্ৰ সন্তোষ ৰেণু যাদৱে তেওঁক প্ৰাণে মৰাৰ ভাবুকি দিয়া বুলি তেজ প্ৰতাপে শনিবাৰে আৰক্ষীৰ ওচৰত এক গুৰুতৰ অভিযোগ দাখিল কৰে।প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে বিহাৰৰ গৃহমন্ত্ৰী সম্ৰাট চৌধুৰীলৈ এখন পত্ৰ লিখি নিজৰ সুৰক্ষা বৃদ্ধিৰ বাবেও আবেদন জনায়। তেজ প্ৰতাপৰ অভিযোগ অনুসৰি, সন্তোষে চাকৰিৰ নামত দলীয় কৰ্মীৰ পৰা ধন সংগ্ৰহ কৰাৰ বাবে তেওঁক ১৪ ডিচেম্বৰত বহিষ্কাৰ কৰা হৈছিল। ইয়াৰ পৰিণতিতে ক্ষুব্ধ হৈ সন্তোষে সামাজিক মাধ্যমত তেওঁক অশালীন গালি-গালাজ আৰু হত্যাৰ ভাবুকি দি আহিছে।

ইতিমধ্যে পাটনাৰ সচিবালয় থানাত এই সন্দৰ্ভত এক এজাহাৰ পঞ্জীয়ন কৰা হৈছে। উল্লেখ্য যে, পিতৃ লালু প্ৰসাদে দলৰ পৰা বহিষ্কাৰ কৰাৰ পাছৰে পৰা তেজ প্ৰতাপ একপ্ৰকাৰ অকলশৰীয়া হৈ পৰিছে। এইবাৰৰ বিধানসভা নিৰ্বাচনতো তেওঁ মুখ ঠেকেচা খাবলগীয়া হৈছিল। এতিয়া নিজৰ দলৰ মাজৰে পৰা অহা এই ভাবুকিয়ে তেওঁৰ সংকট অধিক বৃদ্ধি কৰিছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *