এন এফ ৰেলৱে এম্পলইজৰ উদ্যোগত শ্ৰমিক নেতা পবেন্দ্ৰ নাথ কলিতাক সোঁৱৰণ

বিশিষ্ট শ্ৰমিক নেতা, উত্তৰ পূব সীমান্ত ৰেলৱেৰ অগ্ৰণী ট্ৰেড ইউনিয়ন এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ  কেন্দ্ৰীয় কমিটিৰ প্ৰাক্তন সভাপতি , ৰেলৱেৰ অৱসৰপ্ৰাপ্ত অধীক্ষক পবেন্দ্ৰ নাথ কলিতাৰ  ১৯ সংখ্যক মৃত্যু তিথিৰ লগত সংগতি ৰাখি ৭ জানুৱাৰীৰ দিনা সন্ধিয়াৰ ভাগত  এম্পলইজ ইউনিয়নৰ উদ্যোগত কেন্দ্ৰীয়, মাণ্ডলিক আৰু শাখা ভিত্তিত সোঁৱৰণ কৰা হয়। সন্ধিয়া ইউনিয়নৰ পাণ্ডুস্থিত মূখ্য কাৰ্যালয়ত আয়োজিত অনুষ্ঠানটোত পবেন্দ্ৰ নাথ কলিতাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে কলিতাৰ পুত্ৰ দেৱজিৎ কলিতাই।

এই উপলক্ষে ইউনিয়নৰ কেন্দ্ৰীয় কমিটিৰ উপ সভাপতি ত্ৰিদীপ মজুমদাৰে আঁত ধৰা অনুষ্ঠানটোত ইউনিয়নৰ যুটীয়া সাধাৰণ সম্পাদকদ্বয় প্ৰকাশ বৰ্মন আৰু দেবাশীষ মুখাৰ্জী , কোষাধক্ষ্য জোন দাস, সহকাৰী সাধাৰণ সম্পাদক তথা প্ৰচাৰ গোটৰ অধ্যক্ষ নয়ন কুমাৰ বৰ্মনকে ধৰি কেবাজনো নেতাই ভাষণ প্ৰসংগত মৃত্যু পৰ্যন্ত ইউনিয়নৰ উত্তৰোত্তৰ উন্নতিৰ হকে নিজকে কিদৰে সমৰ্পিত কৰিছিল তাক চমুকৈ আলোকপাত কৰি   ইউনিয়নৰ প্ৰতি থকা তেওঁৰ অৱদানক সকলোৱে  সদায় শ্ৰদ্ধাৰে স্মৰণ কৰি যাব বুলি ব্যক্ত কৰে।

উল্লেখ্য যে এম্পলইজ ইউনিয়নৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মুনীন্দ্ৰ শইকীয়াৰ নিৰ্দেশনা অনুসৰি ইউনিয়নৰ ৫ টা সংমণ্ডল আৰু ৫৫ টা শাখা কাৰ্যালয়ত ৭ জানুৱাৰীৰ দিনা সন্ধিয়া বিভিন্ন কাৰ্যসূচীৰে বিশিষ্ট শ্ৰমিক নেতা পবেন্দ্ৰ নাথ কলিতাক শ্ৰদ্ধাৰে স্মৰণ কৰা হয়। গুৱাহাটী শাখাত শাখা সম্পাদক অৰূপ কলিতাৰ নেতৃত্বত আয়োজিত অনুষ্ঠানটোত শাখাৰ বহু কৰ্মকৰ্তা – সদস্যৰ উপৰিও ৰেলৱেৰ বহু শ্ৰমিক – কৰ্মচাৰী উপস্থিত আছিল।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *