KLO শান্তি কমিটিৰ সদস্য বিশ্বজিৎ ৰায়ৰ সংবাদমেল

KLO ৰ মুৰব্বী জীৱন সিংহই প্ৰদান কৰা প্ৰেছ বিবৃতিৰ ওপৰত বিজনীত KLO শান্তি কমিটিৰ সদস্য বিশ্বজিৎ ৰায়ৰ সংবাদমেল।
কমতাপুৰ লিবাৰেছন অৰ্গেনাইজেছন চমুকৈ KLO ৰ মুৰব্বী জীৱন সিংহৰ লগত কেন্দ্ৰীয় চৰকাৰৰ দ্বিপাক্ষিক আলোচনাৰ বাবে বহুচৰ্চিত বিষয় সন্দৰ্ভত আজি KLO ৰ সেনাধ্যক্ষ গৰাকীয়ে সংবাদ মাধ্যমলৈ এক প্ৰেছ বিবৃতি প্ৰেৰণ কৰে।শান্তি কমিটিৰ সদস্য বিশ্বজিৎ ৰায়লৈ প্ৰদান কৰা বিবৃতিখন আজি আনুষ্ঠানিকভাৱে ৰাজহুৱা কৰে শান্তি কমিটিৰ সদস্য বিশ্বজিৎ ৰায়ে। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰ আৰু কেএলঅ’ ৰ মাজত হ’ব লগীয়া শান্তি চুক্তিক লৈ একাংশই বিভ্ৰান্তিৰ সৃষ্টি কৰিছে।তেওঁ ভালে আছে, ভাৰত চৰকাৰৰ তত্বাৱধানত আছে।কমতাপুৰ বাসী ৰাই চিন্তিত বা উদ্বিগ্ন হ’ব নেলাগে। অচিৰেই কেন্দ্ৰীয় চৰকাৰ আৰু কেএলঅ’ মাজত দ্বিপাক্ষিক শান্তি চুক্তি হ’ব।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *