শুকুৰবাৰৰ পৰা পৰ্যটকৰ বাবে মুকলি কৰা হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি ৰেঞ্জ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই জনায় যে বৰ্তমান ৯ কিলোমিটাৰ ভিতৰলৈ জীপ ছাফাৰী কৰিব পাৰিব।অৱশ্যে এটা নিৰ্দিষ্ট পৰিসীমাৰ ভিতৰত জীপ চাফাৰীৰ দ্বাৰাহে কাজিৰঙাৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰিব পাৰিব পৰ্যটকে। পূজাৰ সময়ত পৰ্যটকৰ উপভোগৰ বাবে নগাঁও জিলাৰ অন্তৰ্ভুক্ত ৰাষ্ট্ৰীয় উদ্যানৰ পশ্চিম অংশ মুকলি কৰা হৈছে।গোলাঘাট জিলাৰ অন্তৰ্ভুক্ত কঁহৰা ৰেঞ্জ অক্টোৱৰ মাহৰ দ্বিতীয় সপ্তাহত মুকলি কৰা হ’ব। আনহাতে, নৱেম্বৰৰ ১ তাৰিখৰ পৰা হাতী ছাফাৰী আৰম্ভ কৰা হ’ব বুলি কৰ্তৃপক্ষই জনায়।
পৰ্যটকৰ বাবে মুকলি কৰা হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি ৰেঞ্জ
