গণতন্ত্ৰ দিৱসত ইতিহাস ৰচিব কাশ্মীৰী কন্যাইঃ পুৰুষ জোৱানৰ দলক নেতৃত্ব দিব চিআৰপিএফৰ মহিলা বিষয়াই

অহা ২৬ জানুৱাৰীত নতুন দিল্লীৰ কৰ্তব্য পথত অনুষ্ঠিত হ’বলগীয়া গণতন্ত্ৰ দিৱসৰ পেৰেডত দেখা যাব এক অভূতপূৰ্ব দৃশ্য। জম্মু-কাশ্মীৰৰ ২৬ বছৰীয়া যুৱতী তথা চিআৰপিএফৰ সহকাৰী কমাণ্ডেণ্ট চিমৰন বালাই এইবাৰ কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ১৪০ জনীয়া পুৰুষ জোৱানৰ দলটোক নেতৃত্ব দি সমগ্ৰ দেশৰ দৃষ্টি আকৰ্ষণ কৰিছে।

প্ৰশাসনৰ সূত্ৰই সদৰী কৰা মতে, ইয়াৰ পূৰ্বে মহিলা বিষয়াই পেৰেডত অংশ লৈছে যদিও এয়া প্ৰথমবাৰৰ বাবে এগৰাকী মহিলা বিষয়াই ১৪০ জনতকৈ অধিক পুৰুষ জোৱানৰ দলক নেতৃত্ব দিব। ৰাজৌৰী জিলাৰ নিবাসী চিমৰন বালাই দেশৰ সৰ্ববৃহৎ অৰ্ধসামৰিক বাহিনীটোত বিষয়া হিচাপে যোগদান কৰা নিজ জিলাৰ প্ৰথমগৰাকী মহিলা। উল্লেখ্য যে, ৩.২৫ লাখ জোৱানৰ এই বাহিনীটোৱে দেশৰ অভ্যন্তৰীণ নিৰাপত্তা, নক্সাল বিৰোধী অভিযান আৰু জম্মু-কাশ্মীৰৰ সন্ত্ৰাসবাদ বিৰোধী অভিযানত মুখ্য ভূমিকা পালন কৰে।

২০২৫ চনৰ এপ্ৰিল মাহত কৰ্মজীৱন আৰম্ভ কৰা চিমৰন বালাই প্ৰথম নিযুক্তি লাভ কৰিছিল ছত্তীশগড়ৰ নক্সাল বিৰোধী অভিযানৰ বাবে গঠিত ‘বস্তৰীয়া’ বেটেলিয়ানত। প্ৰশিক্ষণৰ সময়তো তেওঁ শ্ৰেষ্ঠ বিষয়াৰ সন্মান লাভ কৰি নিজৰ দক্ষতাৰ পৰিচয় দিছে। এইবাৰৰ পেৰেডত চিমৰন বালাৰ লগতে চিআৰপিএফ আৰু এছএছবিৰ মহিলা জোৱানৰ এক বিশেষ মটৰ চাইকেল বাহিনীয়েও দুঃসাহসিক প্ৰদৰ্শন কৰিব। ভাৰতৰ সামৰিক শক্তি আৰু সাংস্কৃতিক বৈচিত্ৰ্য প্ৰদৰ্শন হ’বলগীয়া এই অনুষ্ঠানত জম্মু-কাশ্মীৰৰ এইগৰাকী জীয়ৰীৰ নেতৃত্বই এক নতুন মাত্ৰা প্ৰদান কৰিছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *