বৰপেটাৰ কাৰাটে প্ৰশিক্ষক হাছমৎ আলীৰ সাফল্য

94

All India Police Control Board’ৰ উদ্যোগত গুৱাহাটীৰ কৰ্মবীৰ নৱীন চন্দ্ৰ বৰদলৈ ইন্দৰ ষ্টেডিয়ামত বিগত ২৪-৩০ জুনত সাতদিনীয়াকৈ অনুষ্ঠিত All India Police Judocluester Games’ত  উকা, বৰপেটা কাৰাটে একাডেমীৰ প্ৰশিক্ষক হাছমৎ আলীয়ে খেল পৰিচালনাৰ বাবে আমন্ত্ৰিত টেকনিকেল অফিচিয়েল হিচাপে বিশেষ প্ৰমাণ পত্ৰ লাভ কৰিবলৈ সক্ষম হয়।

লক্ষনীয়ভাৱে বিশ্ব কাৰাটে ফেডাৰেশ্যন চমুকৈ WKF আৰু এছিয়ান কাৰাটে ফেডাৰেশ্যন চমুকৈ AKF’ৰ দ্বাৰা স্বীকৃত দেশৰ কুৰি গৰাকীক খেল পৰিচালনাৰ বাবে নিযুক্ত টেকনিকেল অফিচিয়েলে সুকলমে খেল পৰিচালনা কৰাৰ বাবে বিশেষ প্ৰমাণ পত্ৰ আগবঢ়োৱা হয়।

 উল্লেখ্য যে, ইয়াৰে কুড়ি গৰাকীৰ ভিতৰত অসমৰ দুগৰাকী টেকনিকেল অফিচিয়েলো আছে আৰু তাৰে এগৰাকী হৈছে বৰপেটাৰ হাছমৎ আলী।আনহাতে আমন্ত্ৰিত অসমৰ আন গৰাকী টেকনিকেল অফিচিয়েল হৈছে নগেন বাংজুং । লক্ষনীয়ভাৱে অসমৰ এই দুয়োগৰাকী হৈছে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ কাৰাটে টেকনিকেল অফিচিয়েল ।