কাঁহিকুছিত তিনিদিনীয়া কাঠফুলা প্ৰশিক্ষণ শিবিৰৰ সামৰণি

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপ চৌহদত এছ এ এম ই টি আয়ে কাঠফুলা বা মাশ্বৰুম খেতি  উৎপাদন কৰি আৰ্থিকভাবে স্বাবলম্বী হব পাৰে তাৰ বাবে  বছৰযোৰা প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰিছে। ইয়াৰ অংশ হিচাপে এছ এ এম ই টি আই   সঞ্চালকালয়ৰ উদ্যোগত আৰু কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপৰ তত্বাৱধানত কাঠফুলা খেতিৰ এক  তিনিদিনীয়া প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয়। শিবিৰত বৈজ্ঞানিক পদ্ধতিৰে  কাঠফুলা বা  মাশ্বৰুমৰ খেতি  কৰি  উৎপাদন বৃদ্ধিৰে কিদৰে আৰ্থিকভাবে লাভবান হব পাৰি তাৰ প্ৰশিক্ষণ  দিয়া হয়।

৪ ছেপ্টেম্বৰত  প্ৰশিক্ষণৰ উদ্বোধনী অনুষ্ঠানত মুখ্য  অতিথি হিচাপে ভাগ লৈ এছ এ এম ই টি আই ( SAMETI )  ৰ সঞ্চালক  ৰাজীৱ কুমাৰ ভূঞা , বিশিষ্ট অতিথি হিচাপে কৃষি বিজ্ঞান কেন্দ্ৰ কামৰূপৰ  মুৰব্বী ডo সোনমইনা ভূঞা , শস্য  ৰোগ  বিভাগৰ বিশেষজ্ঞ  জুৰি তালুকদাৰ , এছ এ এম ই টি আইৰ  প্ৰশিক্ষণ পৰিচালক  নয়ন বড়োয়ে ভাগ লৈ উপস্থিত কৃষক সকলক কাঠফুলা খেতিৰ  উৎপাদন বৃদ্ধিৰ বিভিন্ন কৌশল আদি বিষয় দাঙি ধৰে। প্ৰশিক্ষণ শিবিৰত ৭খন জিলা ক্ৰমে – তেজপুৰ,কামৰূপ, বাগচা ,  নলবাৰী,মৰিগাঁও, দৰং,নগাঁৱৰ ৩০ জন  কৃষকে অংশগ্ৰহণ কৰে।

শিবিৰত  সমল ব্যক্তি হিচাপে কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপৰ বিজ্ঞানীকে ধৰি কামৰূপ জিলাৰ বিভিন্ন প্ৰান্তৰ কেবাজনো সফল মাশ্বৰুম উদ্যোগীয়ে এই প্ৰশিক্ষণত পাঠদান কৰে। আনহাতে  সামৰণি অনুষ্ঠানত শিবিৰত ভাগ লোৱা প্রশিক্ষাৰ্থী সকলৰ মাজত মানপত্ৰ বিতৰণ কৰা হয়। অনুষ্ঠানত কৃষি বিজ্ঞান কেন্দ্ৰ,  কামৰূপৰ মুৰব্বী ডঃ সোণমইনা ভূঞা, শস্য ৰোগ বিভাগৰ বিশেষজ্ঞা জুৰি তালুকদাৰ , বিজ্ঞানী মধুস্মিতা ডেকাকে ধৰি কেবাজনো বিজ্ঞানী উপস্থিত থাকে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *