ন্যায়াধীশ এন ভি অঞ্জৰিয়া, বিজয় বিষ্ণোই, এ এছ চন্দুৰকাৰৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰূপে শপত

ভাৰতৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাইয়ে শুকুৰবাৰে ন্যায়াধীশ এন ভি অঞ্জৰিয়া, ন্যায়াধীশ বিজয় বিষ্ণোই আৰু ন্যায়াধীশ এ এছ চন্দুৰকাৰক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰূপে শপত বাক্য পাঠ কৰোৱায়। উচ্চতম ন্যায়ালয়ৰ কমপ্লেক্সত অনুষ্ঠিত এক অনুষ্ঠানত ন্যায়াধীশসকলক শপত বাক্য পাঠ কৰোৱায় । এই ন্যায়াধীশসকলৰ শপত গ্ৰহণৰ লগে লগে মুখ্য ন্যায়াধীশকে ধৰি উচ্চতম ন্যায়ালয়ত সম্পূৰ্ণৰূপে কাৰ্যক্ষম ন্যায়াধীশৰ সংখ্যা ৩৪ জনলৈ বৃদ্ধি পাইছে। সোমবাৰে উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ন্যায়াধীশ অঞ্জৰিয়া, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিষ্ণোই আৰু বম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ চন্দুৰকাৰক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়াৰ পৰামৰ্শ আগবঢ়ায়। ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত নিযুক্তিৰ কথা ঘোষণা কৰে আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে। প্ৰাক্তন মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ অভয় এছ অকা আৰু ন্যায়াধীশ হৃষিকেশ ৰায়ৰ অৱসৰৰ পিছত উচ্চতম ন্যায়ালয়ত বৰ্তমানৰ তিনিটা খালী ন্যায়াধীশৰ বাবে তেওঁলোকৰ নাম পৰামৰ্শ দিয়া হৈছিল। ২

০২৪ চনৰ ২৫ ফেব্ৰুৱাৰীত কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিছিল ন্যায়াধীশ অঞ্জৰিয়াই। ইয়াৰ পূৰ্বে ২০১১ চনৰ ২১ নৱেম্বৰত গুজৰাট উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে উন্নীত হোৱাৰ পিছত ২০১৩ চনৰ ৬ ছেপ্টেম্বৰত স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্ত হয়।১৯৬৫ চনৰ ২৩ মাৰ্চত আহমেদাবাদত জন্মগ্ৰহণ কৰা ন্যায়াধীশ অঞ্জৰিয়াই ১৯৮৯ চনত আহমেদাবাদৰ ইউনিভাৰ্চিটি স্কুল অৱ ল’ৰ পৰা আইন বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ১৯৮৮ চনৰ আগষ্ট মাহৰ পৰা গুজৰাট উচ্চ ন্যায়ালয়ত অনুশীলন আৰম্ভ কৰি সাংবিধানিক বিষয় আৰু দেৱানী গোচৰ, শ্ৰম আৰু সেৱা বিষয়ৰ সকলো শিতানত প্ৰেকটিছ কৰিছিল। আনহাতে, ২০২৪ চনৰ ৫ ফেব্ৰুৱাৰীত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰা ন্যায়াধীশ বিষ্ণোই ২০১৩ চনৰ ৮ জানুৱাৰীত ৰাজস্থান উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰি ২০১৫ চনৰ ৭ জানুৱাৰীত উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে।

১৯৬৪ চনৰ ২৬ মাৰ্চত যোধপুৰত জন্মগ্ৰহণ কৰা ন্যায়াধীশ বিষ্ণোই ১৯৮৯ চনৰ ৮ জুলাইত অধিবক্তা হিচাপে পঞ্জীয়ন কৰি ৰাজস্থান উচ্চ ন্যায়ালয় আৰু যোধপুৰৰ কেন্দ্ৰীয় প্ৰশাসনিক ন্যায়াধিকৰণত প্ৰেকটিছ কৰিছিল। ১৯৬৫ চনৰ ৭ এপ্ৰিলত জন্মগ্ৰহণ কৰা ন্যায়াধীশ চন্দুৰকাৰে আইনৰ ডিগ্ৰী লাভ কৰি ১৯৮৮ চনৰ ২১ জুলাইত বাৰত যোগদান কৰে। ন্যায়াধীশ চন্দুৰকাৰে ১৯৯২ চনত নাগপুৰলৈ গৈ বিভিন্ন আদালতত আইন চৰ্চা কৰিছিল। ২০১৩ চনৰ ২১ জুনত তেওঁ বোম্বাই উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে উন্নীত হয়।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *