অষ্ট্ৰেলিয়াৰ বেগী বলাৰ জোছ হেজলউড আঘাতৰ বাবে টি-২০ বিশ্বকাপৰ পৰা বাহিৰ হৈছে। হামষ্ট্ৰিঙৰ আঘাতৰ পৰা তেওঁ এতিয়াও সম্পূৰ্ণৰূপে সুস্থ হোৱা নাই। ক্ৰিকেট অষ্ট্ৰেলিয়াই এই খবৰ নিশ্চিত কৰি স্পষ্ট কৰি দিছে যে এই সময়ত হেজলউডৰ হৈ কোনো প্ৰতিস্থাপক খেলুৱৈ দলত অন্তৰ্ভুক্ত কৰা নহ’ব। ৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব এই প্ৰতিযোগিতা।
অষ্ট্ৰেলিয়াৰ দলটোৱে ১১ ফেব্ৰুৱাৰীত আয়াৰলেণ্ডৰ বিৰুদ্ধে আৰ প্ৰেমাদাছা ক্ৰিকেট ষ্টেডিয়ামত প্ৰথমখন খেল খেলিব। শ্ৰীলংকা, জিম্বাবুৱে, ওমান, আয়াৰলেণ্ডৰ সৈতে অষ্ট্ৰেলিয়াক গ্ৰুপ বি-ত স্থান দিয়া হৈছে। ১১ ফেব্ৰুৱাৰীত আয়াৰলেণ্ডৰ বিৰুদ্ধে আৰ প্ৰেমাদাছা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব অষ্ট্ৰেলিয়াৰ প্ৰথমখন খেল। অষ্ট্ৰেলিয়া নিজৰ গ্ৰুপৰ শক্তিশালী দল যদিও শ্ৰীলংকা আৰু আয়াৰলেণ্ডৰ পৰা কঠোৰ প্ৰতিযোগিতাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে।
১৬ ফেব্ৰুৱাৰীত শ্ৰীলংকাৰ বিৰুদ্ধে খেলিব অষ্ট্ৰেলিয়া। ২০ ফেব্ৰুৱাৰীত ওমানৰ বিৰুদ্ধে লীগৰ অন্তিমখন খেল খেলিব দলটোৱে। ইয়াৰ পূৰ্বে ১৩ ফেব্ৰুৱাৰীত জিম্বাবুৱেৰ বিৰুদ্ধেও খেলিব।
